কার্যালয় বা ঘৰত টিভিৰ সন্মুখত একেৰাহে কেইঘাঘণ্টাও বহি থাকে নেকি? শৰীৰটোক আৰাম দিবৰ কাৰণে এই অভ্যাস হিতে বিপৰীত হোৱাৰ দেখা যায়৷ জীৱন–পদ্ধতিত থিয় হৈ বা বহি যিকোনো কাম কৰাটো অবিচ্ছেদ্য অংশ৷ কিন্তু শাৰীৰিক সুস্থতাৰ কাৰণে একে ঠাইতে থিয় হৈ, বহি নাথাকি চলা–ফিৰা কৰা প্রয়োজন৷
হূদৰোগ আৰু ডায়েবেটিছ ৰোগ সম্প্রতি জীৱন যাপনৰ ফলত হোৱা ৰোগ হিচাপে চিনাক্ত হৈছে৷ এই ৰোগৰ অন্যতম কাৰণ হৈছে একে ভংগীতে, একে ঠাইতে বহু সময় ধৰি বহি থকাটো৷ অথচ সম্প্রতি শিশুৰ পৰা বৃদ্ধলৈকে আধুনিক প্রযুক্তিৰ পণ্য হাতত লৈ এনেদৰে বহি ঘণ্টা ধৰি ঘণ্টা সময় পাৰ কৰে৷
গৱেষণাৰ পৰা দেখা গৈছে, যিসকলে নিয়মিত ব্যায়াম কৰে তেওঁলোকেও যদি দিনটোৰ বেছিভাগ সময় বহি কটায়, তেতিয়া এই সমস্যাবোৰে দেখা দিব পাৰে৷ বিশেষকৈ শিশুক দিনটোৰ কিছু সময় বাহিৰত কটাবলৈ দিয়ক৷ দৌৰা, জঁপিওৱা আদি শিশুৰ লগত খেলিবলৈ লওক৷ শিশুৱে স্কুলত খেলে যদিও ঘৰতো কিছু সময় খেলিবলৈ উৎসাহ দিয়ক৷