Month: January 2023

গণপতি আৰু গণেশ দুই নামৰ অৰ্থ জানো আহক

গণপতি আৰু গণেশ দুই নামৰ অৰ্থ জানো আহক

গণ+পতি=গণপতি-যাৰ- সহজ অৰ্থ= গণ-মানে-সমূহ-নানা-সকলো। পতি-মানে-স্বামী-মালিক। অৰ্থাৎ-সকলোৰে স্বামী-মালিক। গণ+ঈশ=গণেশ- যাৰ সহজ অৰ্থ… গণ-মানে=সমূহ.. নানা,, সকলো। ঈশ_মামে=ঈশ্বৰ.. ভগৱান। মৰ্হষি=পাণিনিৰ মতে- গণ-মানে-দিশ-দিক। পতি =মানে-স্বামী। গণপতি-গণেশ-মানে- দশো দিশৰ স্বামী। গণপতি’ৰ ,, অনুমতি অবিহনে কোনো.. দেৱী দেৱতাই.. কোনো দিশৰপৰা আগমন কৰিব নোৱাৰে।। সেয়হে-সকলো দেৱী-দেৱতাৰ পূজাৰ আগতে গণপতি) গণেশৰ পূজা কৰি.. তেওঁক প্ৰথম সন্তস্ত কৰি লোৱা

সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক

সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক

“যৎ ফলং নাস্তি তপসা ন যোগেন সমাধিনা | অনাসায়েন তৎসৰ্ব্বং সপ্তাহ শ্ৰৱণে লভেৎ ||”     অৰ্থাৎ তপ, যোগ, সমাধিৰ দ্বাৰা যি ফল লাভ কৰিব পৰা নাযায়, সপ্তাহ জোৰা ভাগৱত শ্ৰৱণত সেই ফল লাভ কৰিব পাৰি | সেয়েহে মহামতি শুকমুনিয়ে ৰজা পৰীক্ষিতক মৰণৰ বেলা সপ্তাহ জোৰা ভাগৱত শ্ৰৱণ কৰাইছিল |

সূৰ্য নমস্কাৰ কি? সূৰ্য নমস্কাৰ কেতিয়া কৰাটো অনুচিত!

সূৰ্য নমস্কাৰ কি? সূৰ্য নমস্কাৰ কেতিয়া কৰাটো অনুচিত!

ভাৰতীয় বৈদিক নিয়ম অনুসৰি সূৰ্য নমস্কাৰ সূৰ্য দেৱতাৰ লগত সম্পৰ্কিত শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক শক্তি উন্নীতকৰণৰ এক শৃংখলাবদ্ধ আৰু পৰ্যায়ক্ৰমিক অভ্যাস শৈলী। সূৰ্য নমস্কাৰ সূৰ্য দেৱতাৰ সৈতে সম্পৰ্কিত আৰু আধ্যাত্মিক শক্তি বিকাশৰ এটা সুগম পথ। সূৰ্য হ’ল পৃথিৱীৰ সকলো উৎসৰে মূল শক্তি। সূৰ্যৰ উত্তাপৰ সৈতে আমাৰ শৰীৰৰ উত্তাপনৰ সম্পৰ্ক আছে। সেয়ে

স্বাস্থ্য ৰক্ষা আৰু সৌন্দৰ্য চর্চাত নেমু

স্বাস্থ্য ৰক্ষা আৰু সৌন্দৰ্য চর্চাত নেমু

নেমু টেঙাৰ নাম শুনিলেই আমাৰ জিভাৰ পানী পৰে নহয়নে বাৰু? শৈশৱত কাজি নেমু সৰু সৰুকৈ কাটি নিমখ, জলকীয়া দি খোৱাৰ অভিজ্ঞতা কাৰ কাৰ আছে বাৰু? ভাতৰ থালিখনত এচকল নেমু লোৱাটো আমাৰ বহুতৰে অভ্যাস। গৰমত এগিলাচ নেমুৰ চৰবতে দেহা মন জুৰ পেলাই দিয়ে। নেমুৰ ৰস দি বনোৱা ৰঙা চাহকাপৰ সোৱাদো বৰ

কি এই নিৰামিষ মাংসৰ ৰহস্য!

কি এই নিৰামিষ মাংসৰ ৰহস্য!

উদ্ভিদ-আধাৰিত মাংস হৈছে উদ্ভিদৰ পৰা তৈয়াৰ কৰা এক নিৰামিষ খাদ্য যাক মাংসৰ উপাদানসূহ অনুকৰণ কৰি উদ্ভদজাত সামগ্ৰীৰপৰা তৈয়াৰ কৰা হয়। উদ্ভিদৰ সহায়ত প্ৰস্তুত কৰা হয় বাবে সেইবোৰক উদ্ভিদ-আধাৰিত মাংস (plant based meat) বুলি কোৱা হয়। নিৰামিষ মাংস যে কেৱল দেখাতহে প্ৰকৃত মাংসৰ দৰে তেনে নহয়। ইয়াৰ সোৱাদো ভাল। সেয়েহে বৰ্তমান