এতিয়া অসমৰ চৌদিশে ভোগালীক আদৰৰৰ ব্যাপক প্ৰস্তুতি।গাঁও সমূহত দেখা গৈছে সীমাহীন ব্যস্ততা।ভেলা ঘৰ সাজি মেজি পাতি গাঁৱৰ ডেকা সমাজে ভোগালী বিহুক আদৰণি জনোৱাৰ পৰিবেশ সৃষ্টি কৰিছে।চহা অসমীয়াৰ বাপটি সাহোন বিহুটিক পদূলি মুখত পাই দুগুণে উৎসাহিত হোৱা দেখা গৈছে গাঁৱৰ মহিলা সকলক।ঢেঁকীৰ শব্দৰে গাঁৱৰ পৰিবেশ জীপাল হোৱাৰ সমান্তৰাল ভাৱে জুহালত প্ৰস্তুত হৈছে বিভিন্ন প্ৰকাৰৰ অসমীয়া জলপান।তিলপিঠা,ঘিলা পিঠা,তিলৰ লাড়ু,নাৰিকল লাড়ু,সান্দহগুৰি গুৰিৰ গোন্ধেৰে সকলোকে আকৰ্ষিত কৰি তুলিছে।এই দৃশ্য টীয়কৰ দুলিয়া গাঁৱৰ।
ৰূপ বৰা নামৰ এগৰাকী মহিলাৰ তত্বাৱধানত গাঁওখনৰ একাংশ মহিলাই প্ৰস্তুত কৰিছে বিভিন্ন পিঠাপনা।ঘৰৰ পৰিয়ালৰ বাবে যোগাৰ কৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তলৈ এই পিঠা আৰু লাড়ু প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে।উল্লেখযোগ্য যে আজিৰ পৰা প্ৰায় ছয় বছৰ আগতে ৰূপজ্যোতি বৰাই নিজৰ ঘৰতে পৰিয়ালৰ সহায়ত অসমীয়াৰ পিঠা পনাৰ বজাৰ চাহিদা তথা অধিক জনপ্ৰিয় কৰি তুলিবলৈ পেশাগতভাৱে পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছিল আৰু তেতিয়াৰে পৰা অহৰহ বছৰৰ বাৰ মাহে এই বৃত্তিৰ সৈতে জড়িত থাকি শেহতীয়াকৈ ৰূপজ্যোতি ফুড প্ৰডাকচন নামৰ এটি অসমীয়া পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰা প্ৰতিষ্ঠান জন্ম দি প্ৰায় ৭/৮ টা পৰিয়ালক সংস্থাপন দিবলৈ সক্ষম হৈছে আৰু অসমৰ বিভিন্ন স্থানলৈ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে প্ৰেৰণ কৰিছে আৰু যথেষ্ট সমাদৰ লাভ কৰিছে।ইপিনে বজাৰত অসমীয়া পিঠা জলপানৰ চাহিদা অধিক, বজাৰৰ প্ৰয়োজন অনুসৰি পিঠা পনা তেওঁ যোগান ধৰিবলৈহে পৰা নাই বুলি জানিবলৈ দিছে।সেয়ে অসমৰ প্ৰতিগৰাকী গৃহিণীক এইদৰে পিঠা পনা জলপান আদি নিজৰ ঘৰতে সুন্দৰভাৱে প্ৰস্তুত কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনাইছে এইগৰাকী আদৰ্শ মহিলাই।ইপিনে এই বৃত্তিৰ জড়িয়তে ৰূপা বৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰ দখল কৰি অসমীয়া জলপান আৰু পিঠাক অধিক জনপ্ৰিয় কৰিবলৈ সক্ষম হৈছে।