প্ৰতিবন্ধীৰ চতুৰ্থ বৰ্গৰ নিযুক্তি সন্দৰ্ভত দিছপুৰ প্ৰেছ ক্লাৱত প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমৰ সংবাদমেল

0 min read

⭕গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো প্ৰতিবন্ধী সকলক লৈ হেতালি খেলিছে গুৱাহাটী বিশ্ববিদ্যালয়ে

⭕ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে তালিকা প্ৰকাশ কৰক

গুৱাহাটী, ১৯জানুৱাৰীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো প্ৰতিবন্ধীৰ বাবে সংৰক্ষিত চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে ৰাজ্যৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰতিবন্ধী সকলক লৈ হেতালি খেলিছে গুৱাহাটী বিশ্ববিদ্যালয়ে৷ যাৰবাবে জাঙুৰ খাই উঠিছে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে৷ আজি দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সংস্হাৰ সম্পাদক নৃপেন মালাকাৰে কয় প্ৰতিবন্ধীৰ ৫১৩টা পদৰ বাবে অনুষ্ঠিত চতুৰ্থ বৰ্গৰ নিযুক্তি পৰিক্ষাৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শেহতীয়াকৈ কৰ্মকাণ্ডই চকু কপালত তুলিছে প্ৰতিবন্ধী সমাজৰ৷ মালাকাৰে লগতে কয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ে ১৬জানুৱাৰীত এখন জাননী প্ৰকাশ কৰি ১৬জানুৱাৰীৰ পৰা ২১জানুৱাৰীৰ ভিতৰত ৫১৩টা পদৰ বিপৰীতে প্ৰাৰ্থীসকলৰ পৰা কিছু তথ্য বিছৰাৰ লগতে জিলা পৰ্যায়ৰ বাছনি সমিতিৰ সম্বলিত প্ৰৱেশ পত্ৰখনো ৱেবছাইটৰ জৰিয়তে আপলোড কৰিবলৈ নিৰ্দেশ দিয়ে৷ ইয়াৰ পিছত ১৮জানুৱাৰীত পুনৰ এখন জাননীৰ জৰিয়তে পূৰ্বৰ জাননীখন শুধৰণি কৰি স্বাক্ষৰ থকা নথকা প্ৰাৰ্থী সকলক নিযুক্তি পৰিক্ষাৰ প্ৰৱেশ পত্ৰখন আপলোড কৰিব পাৰিব বুলি জনায়৷ এতিয়া প্ৰশ্ন হল যিখন প্ৰৱেশ পত্ৰ খোদ গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰাৰ্থী সকলক প্ৰদান কৰিছিল আনকি তাৰ ওপৰত ভিক্তি কৰি চূড়ান্ত ফলাফলো ঘোষণা কৰিছিল, সেই প্ৰৱেশ পত্ৰখন বিশ্ববিদ্যালয়ৰ ওচৰত নাই নেকি? যদি নাই কি বিষয়ত ভিক্তি কৰি ২০২২চনৰ ২৪এপ্ৰিলত ফলাফলৰ লগত নম্বৰৰ তালিকা প্ৰকাশ কৰাৰ উপৰিও ডিছেম্বৰ মাহত চূড়ান্ত তালিকা প্ৰকাশ কৰিছিল৷ সংবাদমেলত মালাকাৰে প্ৰশ্ন কৰে ন্যায়ালয়ৰ নিৰ্দেশনাত কতো প্ৰৱেশ পত্ৰ বিছৰা কথা উল্লেখ নথকাৰ পিছতো গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰবেশ পত্ৰ আপলোডৰ নামত সমগ্ৰ প্ৰক্ৰিয়াটো এক ভেকোভাওনাৰ সৃষ্টি কৰিব বিছাৰিছে নেকি? লক্ষ্যনীয় কথাটো হল জাননীখনত কতো প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰা সকলো প্ৰাৰ্থীয়ে তথ্য সমুহ যোগান ধৰিব লাগিব নে চূড়ান্ত তালিকাৰ প্ৰাৰ্থীসকলে তথ্যৰ যোগান ধৰিব লাগিব সেয়া কতো স্পষ্ট উল্লেখ নাই৷ গতিকে ইয়াকে লৈ প্ৰাৰ্থীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ে নিযুক্তিক লৈ কিবা খেলিমেলি কৰাৰ বাবে উদ্যত হোৱা বুলি প্ৰাৰ্থীসকলৰ মাজত চৰ্চিত হৈছে৷ এইক্ষেত্ৰত চৰকাৰ অথবা বিভাগক বিহীত ব্যৱস্থা লবলৈ দাবী জনায়৷ মালাকাৰে কয় ২০১৭চনতে চৰকাৰে ঘোষণা কৰা ৪৪১৯টা পদৰ পৰা ৮৬৩টা পদ বাদ দি বাকী থকা বেকলগ পদসমূহ পুৰনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ যি চৰকাৰে ২৬হাজাৰ নিযুক্তিৰ ক্ষেত্ৰত তিনিমাহৰ ভিতৰত ২৭লাখ নিৱনুৱাৰ পৰিক্ষা সম্পন্ন কৰি ফলাফল ঘোষণা কৰিব পাৰে৷ সেই একেখন চৰকাৰে ৫১১টা পদৰ পৰিক্ষা হৈ যোৱাৰ পিছতো দুবছৰ ধৰি ন্যায়ালয়ৰ কোনো বাধ্যবাধকতা নথকাৰ পিছতো প্ৰতিবন্ধীৰ নিযুক্তিৰ ক্ষেত্ৰত কিয় উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা নাই সেয়া এক ৰহস্যৰ বিষয়৷ নে আচলতে দিব্যাংগ নামটোৰে সন্মানিত কৰি উপহাসহে কৰিব বিছাৰিছে৷ আনহাতে অৰুণাদয় আচনিৰ লগত দীনদয়াল দিব্যাংগ পেঞ্চন আচনি সাঙুৰি নলৈ পেঞ্চনৰ ধন ১০০০টকাৰ পৰিৱৰ্তে ৩০০০টকালৈ বৃদ্ধি কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ মালাকাৰে লগতে কয় নিদিষ্ট সময়সীমাৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰতিবন্ধী লোকৰ নিযুক্তিৰ ক্ষেত্ৰত ভেকোভাওনা সমুহ বন্ধ কৰি ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে স্বচ্ছ আৰু নিকাভাৱে তালিকা প্ৰকাশ কৰক৷অন্যথা প্ৰতিবন্ধী সকলৰ স্বাৰ্থত যিকোনো কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসম৷ আজিৰ সংবাদমেলত মধ্য অসম প্ৰতিবন্ধী সুৰক্ষা সংস্হাৰ সভাপতি টংকেশ্বৰ বৰা, সদৌ বিটিএডি প্ৰতিবন্ধী সুৰক্ষা সংস্হাৰ নিকুদিন বসুমতাৰীকে ধৰি সংগঠনৰ কেইবাগৰাকীও বিষয়া সদস্য উপস্থিত আছিল৷

You May Also Like

More From Author