মূলা সাধাৰণতে-পূণপতীয়াকৈ বা চালাডৰ ৰূপত খোৱা হয়।মূলাত পুষ্টিকৰ উপাদানৰ অভাৱ নাই।যদি আপুনি মূলা খায়-তেন্তে-শৰীৰত ভিটামিন-এ,ভিটামিন চি,আইৰণ,কেলছিয়াম আৰু ফছফৰাছ পোৱা যায়।যিবোৰ আমাৰ স্থাস্ব্যৰ বাবে অতি গুৰুত্বপূৰ্ণ।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে-যেতিয়া শীতকাল আহে-তেতিয়াই সংক্ৰমণৰ সম্ভাৱনা পূৰ্বতকৈ অধিক বৃদ্ধি পায়।যদি আমাৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা ভাল হয়-তেন্তে আমি সংক্ৰমণৰ পৰা হাত সাৰিব পাৰোঁ।সেইবাবে-দৈনিক মূলা খালে-ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।
চৰ্দি আৰু কাঁহ প্ৰতিৰোধ-
শীতকালত চৰ্দি কাঁহৰ আশংকা সদায়ে থাকে।ইয়াৰ পৰা হাত সাৰিবলৈ নিয়মিতভাৱে মূলা খাব পাৰে।যাতে এনে ৰোগৰ সৃষ্টি নহয়।
ডায়েবেটিছত ফলপ্ৰসূ-
ডায়েবেটিছত আক্ৰান্ত সকলে মূলা খোৱাটো-কোনো ঔষধতকে কম বুলি গণ্য কৰা নহয়।মূলা খালে-তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো সহজ হৈ পৰে।অৱশ্যে চিকিৎসকৰ পৰামৰ্শ লৈ খাব লাগে।
হৃদযন্ত্ৰ স্বাস্থ্যৰ বাবে-উপকাৰী- শীতকালত পোৱা এবিধ পাচলি মূলা-আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে-অতি উপকাৰী বুলি বিবেচিত হয়।ইয়াৰ ফলত-হাৰ্ট-এতেক কৰনাৰী আৰ্টাৰী ডিজিজ আৰু ট্ৰিপল ভেছেল ডিজিজৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।