ৰাহুৰ প্ৰকোপৰ পৰা পৰিত্ৰাণ পাবলৈ পুৰুষে আজিয়ে ত্যাগ কৰক এই তিনিটা বস্তু

1 min read

পুৰুষে হওক বা নাৰী প্ৰকৃত জীৱনসংগীৰ লগতে দুখন সুখৰ ঘৰৰ সপোন সকলোৱে দেখে।নাৰী এগৰাকীয়ে সন্মানেৰে নিজ শহুৰৰ ঘৰলৈ যোৱাৰ দৰে পুৰুষ এগৰাকীয়েও শহুৰৰ ঘৰৰ পৰা মৰম,চেনেহ আৰু আদৰৰ আশা কৰে।কিন্তু বিপৰীত কালে বিঘিনি মতাৰ দৰে ৰাহু,কেতু আদি গ্ৰহ,নক্ষত্ৰবোৰে কেতিয়া যেন বিপদক হাত-বাউলি দিয়ে এজনেও উম-ঘাম নাপায়।তদুপৰি সংসাৰিক জীৱনৰ অৱনতিৰ একমাত্ৰ কাৰক হিচাপে ৰাহুক বিবেচনা কৰা হয়।সেয়েহে বিবাহিত পুৰুষে পত্নী ঘৰৰ পৰা উপহাৰ অথবা যৌতুক লোৱা সময়ত সদায় সচেতন হোৱা দৰকাৰ।কাৰণ জীৱন ধাৰণৰ এনে কিছু সামগ্ৰী আমি কেতিয়াও পত্নী ঘৰৰ পৰা গ্ৰহণ কৰা উচিত নহয়।

প্ৰথম বিধ হৈছে কাঠ।পত্নীৰ মাতৃ গৃহৰ পৰা কাঠ বা খৰি জাতীয় বস্তু গ্ৰহণ কৰিলে সংসাৰত ৰাহুই থিতাপি লয় বুলি লোকবিশ্বাস অনুসৰি প্ৰচলিত হৈ আহিছে।সেয়েহে জগতৰ অতুলনীয় স্বামী-স্ত্ৰীৰ সম্বন্ধটো সদায় পবিত্ৰ কৰি ৰাখিব বিচাৰিলে বা অপমানিত হব নুখুজিলে কেতিয়াও পত্নী গৃহৰ পৰা এইবিধ সামগ্ৰী গ্ৰহণ নকৰিব।

দ্বিতীয় বিধ হৈছে ষ্টীলৰ বাচন।বিবাহৰ সময়ত ন-কইনা গৰাকীয়ে বহুতো বাচন বৰ্তন আনে।কিন্তু সেইয়া একেবাৰেই শুভ নহয়। কাৰণ শুনিবলৈ কিছু আচহুৱা হয় যদিও পত্নী গৃহৰ পৰা ষ্টীলৰ বাচন কেতিয়াও গ্ৰহণ কৰিব নালাগে।কাৰণ দুৰ্বল ৰাহুই ইয়াৰ জৰিয়তে সংসাৰত উত্তাল পৰিস্থিতিৰ উদ্ভৱ হয় বুলি পূৰ্বৰ পৰা চলি অহা দেখা গৈছে ।

তৃতীয় সামগ্ৰীবিধ হৈছে চৌকা।বহু সময়ত দেখা পৰিলক্ষিত হয় যে ন-কইনাৰ লগত যৌতুক হিচাপে গেছ প্ৰদান কৰা হয়।কিন্তু পুৰুষে ভুলতেও পত্নী গৃহৰ পৰা তেনে সামগ্ৰী গ্ৰহণ কৰা উচিত নহয়।তেনে পৰিস্থিতিত সদায় গেছটো মাতৃ গৃহতে ৰাখি ন-কইনাই নিজ সংসাৰলৈ যোৱা উচিত বুলি গণ্য কৰা হয়।

জীৱন সংঘাতৰ একমাত্ৰ কাৰক ৰাহু আৰু কেতুক অশুভ গ্রহ বুলি সদায় গণ্য কৰা হয়।তদুপৰি ৰাহুৰ প্ৰভাৱে বিনা দোষে অপমানিত হোৱাৰ যুগ দেখা যায়।সমান্তৰাল ভাৱে জ্যোতিষশাস্ত্ৰই বৰ্ণনা কৰিছে যে যদিহে বিবাহিত বা বিবাহ উপযোগী যুৱতীৰ ৰাহু আৰু কেতু শুভ নহয় তেন্তে বিয়াৰ পিছৰ জীৱনটো অথবা অবিবাহিত জীৱনটোত নানা ঘাট-প্ৰতিঘাতে গা কৰা দেখা যায়।
কিন্তু কিদৰে পৰিত্ৰাণ লাভ কৰিম ৰাহু আৰু কেতু প্ৰকোপৰ পৰা…???আছে নে সমাধান…??
কপালত চন্দনৰ আভূষণ সানি গৃহলৈ ৰূপৰ হাতী অথবা ৰূপৰ মূৰ্তি আনিলে ৰাহু কেতুৰ প্ৰকোপৰ পৰা মুক্তি পাব পাৰি।ভগৱান শংকৰক অৰ্চনা কৰাৰ উপৰিও ৰাহু কেতুৰ পৰা মুক্তি পাবলৈ হলে গৰু ,ছাগলী বা কুকুৰক খাদ্য দান অতি পূণ্যৰূপে বিবেচিত হয়।গোমেদ ৰত্ন ,অনিক্স আদিৰ দৰে ৰত্নও বৰ্তমান সময়ত অনেক জ্যোতিষশাস্ত্ৰত পৰিধানৰ বাবে পৰামৰ্শ দিয়ে দেখা যায়।

You May Also Like

More From Author