ভগৱান শণিদেৱে সকলোৰে কৰ্মৰ হিচাপ ৰাখে আৰু তেওঁৰ ছায়াৰপৰা ভগৱান শিৱও ৰক্ষা নপৰিছিল। ভগৱান শণিদেৱৰ কাৰোবাৰ ওপৰত সুদৃষ্টি পৰিলে সেইজন ৰজা হয়৷ আৰু যদি তেওঁৰ কুদৃষ্টি পৰে তেতিয়া তেওঁ ৰজাকো দৰিদ্ৰতা ৰং দেখুৱাই। ভগৱান শণিদেৱ সূৰ্য্য আৰু ছায়াঁৰ পুত্র হয়। এওঁ দৃষ্টিৰপৰা যি ক্ৰধতা পৰে, সেয়া তেওঁৰ পত্নীৰ সাপৰ বাবে হয়।
ব্ৰহ্মপুৰাণৰ অনুসৰি সৰুৰে পৰাই শণিদেৱ ভগৱান শ্রী কৃষ্ণৰ পৰম ভক্ত আছিল। ডাঙৰ হলত তেওঁৰ বিবাহ সম্পন্ন হল।শণিদেৱৰ পত্নী সতিসাৱিত্ৰী আৰু পৰম তেজস্বীনী আছিল।এবাৰ পুত্র প্ৰাপ্তিৰ বাবে শণিদেৱৰ পত্নী তেওঁৰ কাষলৈ গল, কিন্তু সেই সময়ত শণিদেৱ ভগৱান শ্রী কৃষ্ণৰ ধ্যানত মগন হৈ আছিল।সেইসময়ত শণিদেৱৰ জগতৰ কোনো খবৰেই নাছিল। শণিদেৱৰ পত্নীয়ে তেওঁলৈ ৰৈ ৰৈ অৱশেষত আমনি পালেগৈ। তেতিয়া তেওঁ ক্ৰধিত হল, আৰু ক্ৰধিত হৈ শণিদেৱক তেওঁ সাপ দিলে যে, আজিৰপৰা আপোনাৰ দৃষ্টি যাৰে ওপৰত পৰিব, সেই বস্তুৱে ধ্বংস হব।
শণিদেৱৰ ধ্যান ভগ্ন হলত, শণিদেৱে যেতিয়া তেওঁৰ পত্নীক বুজালে তেতিয়া শণিদেৱৰ পত্নীয়ে কৰা ভূলৰ জ্ঞান হল।কিন্তু তেওঁ দিয়া সাপৰ শক্তিৰ পৰিক্ৰমা শেষ কৰাৰ শক্তি তেওঁৰ ওচৰত নাছিল।সেয়ে তেতিয়াৰপৰাই শণিদেৱে নিজৰ মূৰ তললৈ কৰি ৰাখিছিল। কিয়নো তেওঁ নিবিছাৰিছিল তেওঁৰ দ্বাৰা কাৰোৱে অনিষ্ট হওক।