সৰস্বতী পূজাৰ দিনা নকৰিব এইসমূহ কাম!

1 min read

 হিন্দু বৰ্ষপঞ্জি অনুসৰি, মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিৰ দিনা প্ৰতি বছৰে বসন্ত পঞ্চমী উৎসৱ উদযাপন কৰা হয়। এই বিশেষ দিনটোত দেৱী সৰস্বতীৰ পূজা-অৰ্চনা কৰা হয়। হিন্দু সম্প্ৰদায়ত জ্ঞানৰ দেৱী বুলি অভিহিত কৰা হয় দেৱী সৰস্বতীক৷ দক্ষিণাত্যক ইয়াক ‘শ্ৰী পঞ্চমী’ বুলিও অবিহিত কৰা হয়। বহুতো ভক্তই উপবাস পালন কৰে আৰু সন্ধিয়া হালধীয়া ৰঙৰ ব্যঞ্জন আগবঢ়োৱা হয়।

এই দিনটোত হালধীয়া ৰঙৰ কাপোৰ পিন্ধাটোও শুভ বুলি গণ্য কৰা হয়।

* এই বিশেষ দিনটোত আপুনি পৰিহাৰ কৰিব লগীয়া বস্তুবোৰ-
১) বসন্ত পঞ্চমীৰ দিনা হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰাটো শুভ বুলি গণ্য কৰা হয়। এইটো বিশ্বাস কৰা হয় যে, যেতিয়াৰ সৰস্বতীৰ জন্ম হৈছিল তেতিয়া বিশ্বব্ৰহ্মাণ্ডত ৰঙা, হালধীয়া আৰু নীলা আভাৰে আৱৰি পৰিছিল। হালধীয়া আভা প্ৰথমে দৃশ্যমান হৈছিল। যাৰবাবে কোৱা হয় যে, দেৱী সৰস্বতীৰ প্ৰিয় ৰং হালধীয়া। আজিৰ দিনটোত ক’লা, ৰঙা বা গাঢ় ৰঙৰ পোছাক পৰিধান নকৰিলে ভাল।
২) বসন্ত পঞ্চমীৰ দিনা, আমিষ খাদ্য পৰিহাৰ কৰক। পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰক৷
৩) জ্ঞানৰ দেৱী সৰস্বতীক পূজা- অৰ্চনা কৰা হয় এই বিশেষ দিনটোত৷ গতিকে এই দিনটোত কোনো লোকক অৱজ্ঞা নকৰিব আৰু অন্যথা গালি বা অপমান নকৰিব৷ চেষ্টা কৰক আৰু আপোনাৰ মনত সামান্যতম বেয়া চিন্তাও আহিব নিদিব।
৪) শাস্ত্ৰঅনুসৰি বিশ্বাস কৰা হয় যে, গা ধোৱা অবিহনে বসন্ত পঞ্চমীৰ দিনা একো খোৱা উচিত নহয়। সেয়েহে, আজিৰ দিনটোত গা ধুব আৰু যিকোনো আহাৰ খোৱাৰ আগতে মা সৰস্বতীৰ উপাসনা কৰিব।
৫) বসন্ত পঞ্চমীৰ দিনা বসন্ত ঋতু আৰম্ভ হয়। সেই বিশেষ দিনটোত গছ কাটিব নালাগে।

You May Also Like

More From Author