৭০ বছৰীয়া শহুৰেকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল ২৮ বছৰীয়া বোৱাৰী, কিয় ……

0 min read

উত্তৰ প্ৰদেশৰ গোৰখপুৰত এজন ৭০ বছৰীয়া ব্যক্তিয়ে নিজৰ ২৮ বছৰীয়া বোৱাৰীয়েকৰ সৈতে মন্দিৰত বিবাহপাশত আৱদ্ধ হয়। এই বিয়াৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ঘটনাক লৈ সৰ্বত্ৰে চৰ্চা চলিছে। ছ’চিয়েল মিডিয়াৰ বাতৰি আৰু ফটোক বিশ্বাস কৰি কোৱা হৈছে যে শহুৰেক কৈলাশ যাদৱৰ পত্নীৰ ১২ বছৰ পূৰ্বে মৃত্যু হৈছে। তেওঁলোকৰ চাৰিটা সন্তান আছে আৰু পূজাৰ স্বামী তৃতীয় পুত্ৰ আছিল, তেওঁৰো মৃত্যু হৈছে। খবৰ অনুসৰি দুয়োজনে পাৰস্পৰিক সন্মতিৰে বিবাহপাশত আবদ্ধ হৈছে আৰু পূজা নতুন সম্পৰ্কত সুখী। জানিব পৰা মতে, কৈলাশ যাদৱ বধলগঞ্জ কোতৱালি অঞ্চলৰ ছপিয়া উমৰাও গাঁৱৰ বাসিন্দা।

খবৰ অনুসৰি, বৰহলগঞ্জ থানাৰ চকীদাৰ কৈলাশ যাদৱে বোৱাৰী পূজাৰ সৈতে সাত ফেৰে লয় আৰু এই উপলক্ষে গাঁৱৰ লোকৰ লগতে তেওঁৰ পৰিয়ালৰ লোকো উপস্থিত আছিল। এই বিবাহ সন্দৰ্ভত গোটেই অঞ্চলটোত চৰ্চা চলি আছে। কিছুমানে কয় যে পূজা স্বামীৰ মৃত্যুৰ পিছত অকলশৰীয়া হৈ পৰিছিল। তেওঁ আন কাৰোবাৰ লগত বিয়া হৈছিল যদিও সেই পৰিয়ালটো তেওঁৰ ভাল নালাগিছিল, সেয়েহে তেওঁ স্বামীৰ ঘৰলৈ উভতি আহিল। ইয়াত তেওঁ শহুৰেকক বিয়া কৰাবলৈ মান্তি হৈছিল আৰু এই বিবাহ সমাজ নিৰ্বিশেষে হৈছিল।

বৰহালগঞ্জ থানাত চৌকিদাৰ কৈলাশ যাদৱৰ বিবাহৰ চৰ্চা ছচিয়েল মিডিয়াৰ জৰিয়তে সেই গাঁও আৰু থানালৈ গৈছে। ষ্টেচন ইনচাৰ্জ বৰহলগঞ্জে জনাইছে যে এই বিবাহৰ বিষয়ে আমি কেৱল ফটো ভাইৰেল হোৱাৰ পৰাই জানিব পাৰিছো। এই সন্দৰ্ভত কোনো অভিযোগ পোৱা নাই। তেওঁ কয় যে এইটো দুজন প্ৰাপ্তবয়স্ক মানুহৰ মাজৰ পাৰস্পৰিক বিষয়, যদি কাৰোবাৰ অভিযোগ আছে তেন্তে আৰক্ষীয়ে তদন্ত কৰিব পাৰে।

You May Also Like

More From Author