•শুৱালকুছিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনে নতুন খেলুৱৈক উৎসাহিত কৰিলে-মুখ্যমন্ত্ৰী
গুৱাহাটী ৮ জানুৱাৰীঃ বস্ত্ৰনগৰী শুৱালকুছিৰ সেউজ বালিচৰত দেওবাৰে অনুষ্ঠিত ৫৭ তম্ ৰাষ্ট্ৰীয় ক্ৰছ কান্ট্ৰী দৌৰ চেম্পিয়নশ্বিপৰ সফল সামৰণি পৰে। দেশৰ ৩১ খন ৰাজ্যৰ ৬৭০ গৰাকী ক্ৰীড়াবিদে অংশ লোৱা এই প্ৰতিযোগিতাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফ্লেগ অফ্ কৰা ল’ৰাৰ ২০ বছৰ অনুৰ্ধ্ব ৮কি’লমিটাৰ শাখাত সোণৰ পদক শিৱাজী পৰশু( কৰ্ণাটক),ৰূপৰ পদক অনকাৰ ৰাজেন্দ্ৰ( মহাৰাষ্ট্ৰ) ব্ৰঞ্জৰ পদক দিব্যাংশু কুমাৰ( উত্তৰ প্ৰদেশ) আৰু ২০বছৰ অনুৰ্ধ্ব ছোৱালীৰ ৬ কিলোমিটাৰ দৌৰত সোণৰ পদক দ্ৰষ্টিবেন প্ৰভীনভাই( গুজৰাট), ৰূপৰ পদক বিবে ( উত্তৰ প্ৰদেশ), ব্ৰঞ্জৰ পদক পূজা বাৰ্মাই ( উত্তৰ প্ৰদেশ) অৰ্জন কৰে। আনহাতে পুৰুষৰ ১০কিলোমিটাৰ দৌৰত প্ৰথম হেমৰাজ গুৰজাৰ ( ৰাজস্থান), দ্বিতীয় আনন্দ সিং ৰাৱাট( ছাৰ্ভিছেজ), তৃতীয় নিতেশ কুমাৰ (ছাৰ্ভিছেজ),মহিলাৰ ১০কিলোমিটাৰ দৌৰত প্ৰথম প্ৰথম স্বভী যাদৱ (ৰেলৱে), দ্বিতীয় সঞ্জীৱনী বাবু ৰাও (মহাৰাষ্ট্ৰ), তৃতীয় মুন্নী দেৱী (ৰেলৱে),১৮ বছৰ অনুৰ্ধ্ব লৰাৰ শাখাৰ ৬ কিলোমিটাৰ দৌৰত প্ৰথম ৱাল্টাৰ কান্দুলনা (তামিলনাডু), দ্বিতীয় আৰিয়ান ( হাৰিয়ানা), তৃতীয় ৰিজৱান ( ৰাজস্থান),১৮ বছৰ অনুৰ্ধ্ব ছোৱালীৰ ৪কিলোমিটাৰ দৌৰত প্ৰথম প্ৰাচী অনকুচ দেবকাৰ (মহাৰাষ্ট্ৰ), দ্বিতীয় শিল্পা দিহোৰা (গুজৰাট),তৃতীয় প্ৰনথী (কৰ্ণাটক),১৬ বছৰ অনুৰ্ধ্ব ল’ৰাৰ ২কিলোমিটাৰ দৌৰত প্ৰথম অমন কুমাৰ (হাৰিয়ানা),দ্বিতীয় ছুনমুন সিং(দিল্লী),তৃতীয় অভিষেক কুমাৰ( উত্তৰাখণ্ড) লগতে ১৬ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাৰ ২ কিলোমিটাৰ দৌৰত প্ৰথম প্ৰতিজ্ঞা পান্না (তামিলনাডু), দ্বিতীয় আনচু
(উত্তৰ প্ৰদেশ),আৰু মহাৰাষ্ট্ৰৰ জাহ্নৱীৱে তৃতীয় স্থান দখলেৰে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে। প্ৰতিযোগিতাত দলীয়ভাৱে পুৰুষৰ প্ৰথম চাৰ্ভিচেছ,দ্বিতীয় ৰাজস্থান আৰু তৃতীয় দল হিচাপে উত্তৰাখণ্ডৰ লগতে মহিলাৰ প্ৰথম ৰেলৱে, দ্বিতীয় উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰই তৃতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে।আনহাতে দলীয়ভাৱে ২০বছৰ অনুৰ্ধ্ব লৰাৰ মহাৰাষ্ট্ৰ আৰু ছোৱালীৰ উত্তৰ প্ৰদেশ শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয়। শ্ৰেষ্ঠ দলৰ খিতাপ দখল কৰা খেলুৱৈসকলক আয়োজক সমিতিয়ে ফুলাম গামোচা,জাপি,
শৰাই, ট্ৰফী আৰু ফুলৰ টোৰাৰে সম্বৰ্ধনা আগবঢ়াই৷
প্ৰতিযোগিতাৰ আগেয়ে শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্তই বন্তি প্ৰজ্বলনেৰে খেলৰ শুভাৰম্ভ কৰে ৷ খেলৰ পতকা উত্তোলন কৰে ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ কাৰ্তিক চন্দ্ৰ মেধিয়ে ৷ উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই বক্তব্যত কয় যে সৰ্বভাৰতীয় পৰ্যায়ৰ দৰে খেলে নৱ প্ৰজন্মক উৎসাহিত কৰিব। শুৱালকুছিৰ দৰে এখন গাঁৱত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত কৰাত সকলোকে ধন্যবাদ জনায় খেলুৱৈ সকলক শুভেচ্ছাৰে উৎসাহিত কৰি চমু ভাষণ প্ৰদান কৰে। প্ৰতিযোগিতাখন সাফল্য মণ্ডিত কৰি তোলাৰ বাবে সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজ তথা খেলুৱৈসকলক ধন্যবাদ জ্ঞাপন কৰিছে অসম এথলেটিকছ সন্থাৰ লগতে উদ্যোক্তা সমিতিয়ে।