দৈনিক জিভা পৰিষ্কাৰ নকৰিলে হ’ব পাৰে বিভিন্ন ধৰণৰ সমস্যা

1 min read

প্ৰতিদিনে দাঁত মাজাৰ লগতে জিভা পৰিষ্কাৰ কৰা দৰকাৰ। চিকিৎসকৰ পৰামর্শ লৈ দিনত দুবাৰ সঠিক নিয়মত জিভা পৰিষ্কাৰ কৰা উচিত। নহ’লে বিভিন্ন ধৰণৰ সমস্যা শৰীৰত দেখা দিব পাৰে।

দৈনিক জিভা পৰিষ্কাৰ নকৰিলে তাৰ ওপৰত বগা ৰঙৰ আৱৰণ জমা হ’ব পাৰে। সেয়া দেখিবলৈ যেনেদৰে অস্বস্তিকৰ, তেনেদৰে অস্বাস্থ্যকৰো। কাৰণ তাত জন্ম হ’ব পাৰে নানা ধৰণৰ বেক্টেৰিয়া। আৰু সেইবোৰ বহু সংক্রমণৰ কাৰণ হৈ উঠে। ইয়াৰ ফলত হজমৰ সমস্যাৰ পৰা আৰম্ভ কৰি বহু অঙ্গৰ কাম-কাজতো ব্যাঘাত ঘটে।

দৈনিক জিভা পৰিষ্কাৰ কৰাৰ উপকাৰবোৰ কি কি চাওঁ আহক :

হজমৰ সুবিধা :

হজমৰ প্রক্রিয়াটি আৰম্ভ হয় মুখৰ পৰাই। জিভাত ময়লা জমা হ’লে সকলো পাচন ৰস সঠিকভাবে খাদ্যত মিহলি হ’ব নোৱাৰে। ফলত হজমৰ সমস্যা হয়। জিভা পৰিষ্কাৰ থাকিলে হজম শক্তি বাঢ়ে।

প্ৰদূষণমুক্ত শৰীৰ :

নিশা টোপনিৰ সময়ত মুখৰ ভিতৰত নানা ধৰণৰ ‘টক্সিন’ বা দূষিত বস্তু জমা হয়। পুৱা জিভা পৰিষ্কাৰ কৰিলে সেইবোৰ চাফা হয়। এইবোৰ জমা হৈ থাকিলে তাৰ প্রভাব পৰে শৰীৰৰ নানা অঙ্গৰ ওপৰত। সেইবোৰ অঙ্গৰ কামত ব্যাঘাত ঘটে।

পৰিষ্কাৰ জিভা সুস্বাস্থ্যৰ লক্ষণ:

মুখৰ দুর্গন্ধ কমে :

বহুতৰেই মুখত দুর্গন্ধ হয়। তাৰ প্রধান কাৰণ হ’ব পাৰে অপৰিষ্কাৰ জিভা। নিয়মিত জিভা পৰিষ্কাৰ কৰিলে দুর্গন্ধৰ সমস্যা কমে।

সোৱাদ লোৱাৰ ক্ষমতা বাঢ়ে :

ময়লা জমা হৈ থাকিলে জিভাৰ সোৱাদ কোষবোৰ ঢাক খাই যায়। ফলত স্বাদ লোৱাৰ ক্ষমতা কমি যায়। জিভা পৰিষ্কাৰ থাকিলে খাদ্যৰ স্বাদ বেছি পোৱা যায়।

দাঁতৰ ক্ষয় কমে :

জিভাৰ ময়লাত এক ধৰণৰ বেক্টেৰিয়া জন্মায়, যিয়ে দাঁতৰ ক্ষতি কৰে। সেয়ে দাঁতৰ ক্ষয় ৰুধিবলৈ দৈনিক জিভা পৰিষ্কাৰ কৰা উচিত।

You May Also Like

More From Author