‘ভিক্টৰ দাস চৰিত্ৰহীন! বহু যুৱতীৰে অবৈধ সম্পৰ্ক ভিক্টৰ দাসৰ।’-এই কথা আমি কোৱা নাই, আনক নৈতিকতাৰ পাঠ দিয়া ভিক্টৰ দাসৰ মুখা খুলিছে তেওঁৰেই পত্নীয়ে।
২০১৬ ত আমাৰ বিয়া হৈছিল। তাৰ পাছৰে পৰা এতিয়ালৈকে বহু শাৰিৰীক আৰু মানসিক নিৰ্যাতন খালোঁ। তেওঁ মদ খাই আহি মোক বহু নিৰ্যাতন কৰে। আৰু যেতিয়াই মই কোনোবা যুৱতীৰ সৈতে সম্পৰ্কৰ কথা কৈ প্ৰতিবাদ কৰো তেতিয়াই মই নিৰ্যাতন খাব লাগে, অত্যাচাৰ সহিব লাগে।
ৰাজ্য চৰকাৰৰ ৩য় আৰু ৪ৰ্থ বৰ্গৰ নিযুক্তিত দুৰ্নীতিৰ অভিযোগ তুলি ৰঙাঘৰৰ আলহী হৈছিল এইজন ভিক্টৰ দাস। ভিক্টৰৰ পত্নীৰ অভিযোগ মানুহৰ মুখা পিন্ধা ভিক্টৰ প্ৰকৃততে পশুতকৈও অধচ!শিক্ষকতাৰ বৃত্তিক কলংক-ত কৰিছে ভিক্টৰ দাসে। অভিযোগ অনুসৰি বদমেজাজী, অসত চৰিত্ৰৰ ভিক্টৰে পত্নীক চলাই আহিছিল অকথ্য নিৰ্যাতন। স্বামী ভিক্টৰৰ পাসৱিক অত্যাচাৰৰ বাবেই ২০১৭ চনতে বিবাহ বিচ্ছেদ বিচাৰিছিল পত্নীয়ে। কিন্তু তেতিয়া কৰ্টত অভিনয় কৰি কান্দি দেখুৱাই পত্নীক পুনৰ ক্ষমা ভিক্ষা মাগিছিল তেওঁ। যাৰ পাছতে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছিল পত্নীয়ে।
Watch: https://fb.watch/hXr6fSjVbg/
কিন্তু সেই ভুলৰ শুধৰণি নহল ভিক্টৰৰ। বৰঞ্চ বাঢ়িল ব্যাভিচাৰ। নিজৰ শুৱণি কোঠাত নিজৰ অবৈধ প্ৰেমিকাৰে নিশা কটোৱাৰো অভিযোগ কৰিছে পত্নীয়ে। আৰু সেই কথা গম পাই প্ৰতিবাদ কৰাৰ বাবেই মোবাইলেৰে মাৰি মুখত আঘাত কৰিছিল পত্নীৰ।
মন কৰিবলগীয়া যে এইবাৰ পিতৃ গৃহতো সাৰি নগল পত্নী। অত্যাচাৰৰ সন্মুখীন শহুৰেক আৰু খুলশালীয়েক। এই ঘটনাৰ পাছত এতিয়া ভিক্টৰৰ পৰা কন্যা আৰু নিজৰ সুৰক্ষা বিচাৰি জালুকবাৰী আৰক্ষীত গোচৰ ৰুজু কৰিছে গোচৰ পত্নীয়ে।