শৰীৰৰ ক্লান্তি বা ভাগৰ দূৰ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে জিৰণি লোৱা আৰু সঠিক টোপনি অতি প্ৰয়োজনীয়।মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ-দৈনিক ৬-৮ঘন্টাৰ গভীৰ টোপনিৰ বৰ প্ৰয়োজন।
*কিন্তু বহু লোকে যিমান সময় শুৱ লাগে-সিমান সময় নুশুৱে।যাৰ ফলত গোটেই দিনটো শৰীৰে ভাগৰুৱা অনুভৱ কৰে।ইয়াৰ উপৰিও-আন-৮টা কাৰণ আছে-যিয়ে আপোনাক সকলো সময়তে ভাগৰুৱা অনুভৱ কৰাব পাৰে।
*সেই কাৰণকেইটা হৈছে-
১/পৰ্যাপ্ত পৰিমাণে নোখোৱা-
*পানী আমাৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান।বিভিন্ন গৱেষণাৰ তথ্য অনুসৰি ডিহাইড্ৰেচন অৰ্থাৎ পৰ্যাপ্ত পৰিমাণে পানী নাখালে-মানুহে অধিক ভাগৰুৱা অনুভৱ কৰে।কাৰণ-শৰীৰত পানী নোহোৱা হলে-তেজৰ সোঁত কমি যায়।ফলত-শৰীৰত অক্সিজেন আৰু প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহ পোৱাৰ গতি কমি যায়।সেয়ে-শৰীৰে ভাগৰ অনুভৱ কৰে।
২/আইৰণৰ অভাৱ-
*আইৰণৰ অভাৱত শৰীৰ কেৱল-ভাগৰুৱা হোৱাই নহয়-খিংখিঙীয়াও হৈ পৰে।শৰীৰত আইৰণৰ অভাৱৰ ফলত পেশী আৰু কোষত অক্সিজেন কমকে পোৱা যায়।কম পৰিমাণে-আইৰণ সেৱন কৰিলেও ৰক্তহীনতা হব পাৰে।আইৰণৰ ভাৱ পূৰণ কৰিবলৈ-বিন,কণী, সেউজীয়া শাক-পাচলি,বাদাম আৰু পনিৰ নিয়মিতভাৱে খাব লাগে।
৩/ব্ৰেকফাষ্ট এৰি দিয়া-
*ব্যস্ততাৰ বাবে-বহুতে-ৰাতিপুৱা ব্ৰেকফাষ্ট নকৰাকৈ ওলায় যায়।কিন্তু ব্ৰেকফাষ্টে শৰীৰক শক্তি দিয়ে।ৰাতিপুৱা পুষ্টিকৰ খাদ্য খালেও-মেটাবলিজমৰ হাৰ বৃদ্ধি পায়।ব্ৰেকফাষ্ট এৰি দিয়া-লোকসকলে-অধিক ভাগৰুৱা অনুভৱ কৰে।ব্ৰেকফাষত- কাৰ্বহাইড্ৰেট,প্ৰটিন আৰু ভাল চৰ্বি থাকিব লাগে।
৪/ৱৰ্কআউট কৰা নহয়-
*বহুতে ব্যায়ম কৰিবলৈ ভাল নাপায়।আৰু কিছুমানৰ সময় নাথাকে।কিন্তু আপুনি জানি আচৰিত হব-ব্যায়মৰ ফলত সুখী হৰম’নৰ নিৰ্গমন বৃদ্ধি পায়।যিয়ে-আপোনাক অধিক শক্তিশালী কৰি তুলিব আৰু দিনটোৰ ক্লান্তিৰ পৰা-উপশম পাব।
৫/কঠোৰ পৰিশ্ৰম আৰু মানসিক চাপ-
*চিন্তা কৰি কৰ্মস্থলীত অতিৰিক্ত ঘন্টা সময় কটালেও আপুনি-সকলো সময়তে ভাগৰুৱা অনুভৱ কৰিব পাৰে।জীৱনৰ আন দিশবোৰকৰ আওকাণ কৰি-কেতিয়াও সুখী হব নোঁৱাৰে।মানসিক চাপে ক্লান্তিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।মনত ৰাখিব-মানসিক চাপ হৈছে-আটাইতকৈ ডাঙৰ নীৰৱ হত্যাকাৰী।
৬/শোৱাৰ আগতে-মদ্যপান কৰা-
*শোৱাৰ আগতে মদ্যপান কৰাটো-শৰীৰৰ বাবে-অতি ক্ষতিকাৰক।বিশেষজ্ঞসকলৰ মতে-এই অভ্যাসৰ ফলত-এড্ৰিনেলিন ব্যৱস্থাত হঠাতে-উথান ঘটে।যাৰ ফলত-টোপনিত বাধাৰ সৃষ্টি হয়।ফলত কেতিয়াও-গভীৰ টোপনি নাহে।ইয়াৰ বাবে-ৰাতি-বাৰে-বাৰে সাৰ পাব পাৰে।যিয়ে-পাছদিনা আপোনাৰ ভাগৰ-বৃদ্ধিৰ বাবে দায়ী।
৭/স্মাৰ্টফোনৰ অত্যাধিক ব্যৱহাৰ-
*অত্যাধিক স্মাৰ্টফোনৰ ব্যৱহাৰে-টোপনিত ব্যাঘাত জন্মায়।ফলত গোটেই দিনটো-মানুহে ভাগৰুৱা অনুভৱ কৰে।
৮/অত্যাধিক কেফেইন সেৱন কৰা-
*ৰাতিপুৱাৰ পৰা ৰাতিলৈকে লৈকে-কেইবা কাপ-কেফেইন সেৱন কৰে-বহু কফি-প্ৰেমীয়ে।ফলত শৰীৰে-ভাগৰ অনুভৱ কৰে।কফিয়ে আপোনাৰ টোপনিত গুৰুত্বৰভাৱে ব্যাঘাত জন্মায়।(সংগ্ৰহিত)।