দাঁত হালধীয়া হৈ পৰিছে, এইদৰে পৰিষ্কাৰ কৰক

1 min read

দাঁত হালধীয়া হোৱাৰ সমস্যাত ভোগে অনেকেই৷ বহুক্ষেত্ৰত দেখা যায় লিভাৰৰ সমস্যা থাকিলে বা কোনো অসুখৰ কাৰণে দীৰ্ঘদিন ধৰি ঔষধ খাই থাকিলে দাঁতত দাগ পৰে বা হালধীয়া হয়৷ অনেকে আকৌ সময়ত ভালদৰে টুথব্ৰাছ আদিৰে পৰিষ্কাৰ নকৰাৰ ফলতো দাঁত হালধীয়া হয়৷ মলিয়ন বা হালধীয়া দাঁত মজবুত আৰু পৰিষ্কাৰ কৰাৰ অনেক উপায় আছে৷ কোনো ধৰণৰ ডাক্তৰী ঔষধ ব্যৱহাৰ নকৰাকৈ ঘৰুৱাভাৱেই সহজ উপায়েৰে দাঁত পৰিষ্কাৰ কৰিব পাৰি৷ আহকচোন তাৰেই দুটামান টিপ্‌চ জানি লওঁ আৰু দাঁতৰ মেজিক চাওঁ৷

◾এপল ছিদাৰ ভিনেগাৰ

মানুহৰ ত্বক আৰু চুলিৰ কাৰণে এপল ছিদাৰ ভিনেগাৰৰ উপকাৰ সম্পৰ্কে বহুতেই জানে৷ কিন্তু দাঁত চাফা কৰিবলৈও যে এই ভিনেগাৰ  অতি উপকাৰী এই কথা বহুতেই নাজানে৷ ইয়াৰ কাৰণে প্ৰথমে ২০০ মিলি লিটাৰ পানীত দুই চামুচ এপল ছিদাৰ ভিনেগাৰ মিশ্ৰণ কৰি এটা মাউথৱাছ তৈয়াৰ কৰি লওক৷ তাৰ পাছত সেই মাউথৱাছ মুখলৈ নি ৩০ ছেকেণ্ডমান সময় কুলি কুলি কৰি পেলাই দিয়ক৷ এনেদৰে নিয়মিত কৰিলে দাঁত পৰিষ্কাৰ হ’ব৷ মনত ৰাখিব লাগে যে এপল ছিদাৰ ভিনেগাৰ  একধৰণৰ ব্লিছ৷ সেয়ে পানী নিদিয়াকৈ কেতিয়াও ইয়াক মুখলৈ নিনিব৷ সেইদৰে মাউথৱাছ বেছিসময় মুখৰ ভিতৰত নাৰাখিব৷

◾ফলৰ বাকলিৰে দাঁত পৰিষ্কাৰ

নেমু বা কমলাৰ দৰে ভিটামিন ‘চি’ যুক্ত ফলৰ বাকলি ঘহি দাঁত সহজে পৰিষ্কাৰ কৰিব পাৰি৷ ভিটামিন ‘চি’ থকাৰ লগতে এনেধৰণৰ ফলত ডি-লিমোনিন নামেৰে একধৰণৰ যৌগ থাকে৷ যি দাঁত পৰিষ্কাৰ কৰাত বিশেষভাৱে সহায় কৰে৷

◾অইল পুলিং

অলপমান নাৰিকল তেল মাউথৱাছৰ দৰে মুখলৈ নি ভালদৰে কুল কুলি কৰক৷ দুই-তিনি মিনিট এনেদৰে কুলকুলি কৰাৰ পাছত নাৰিকল তেলখিনি পেলাই দিয়ক৷ এনে কৰিলে দাঁত চকচকীয়া হোৱাৰ লগতে  দাঁতৰ স্বাস্থ্যও ভালে থাকিব৷ এই পদ্ধতিৰ নামেই অইল পুলিং৷

You May Also Like

More From Author