আমি সকলোৱে জানো যে ফলাহাৰে স্বাস্থ্যৰ উপকাৰ কৰে৷ কথাতে আছে যে সুদা পেটত পানী, আৰু ভৰা পেটত ফলাহাৰ কৰাৰ দৰে উপকাৰ ক’তো পোৱা নাযায়৷ পিছে ভৰা পেটত ফলাহাৰ, কিন্তু সুদা পেটত নহয়, এই ধাৰণা মুঠেই শুদ্ধ নহয়৷ এচিডিটি বা গেছৰ সমস্যাৰ আশংকা কৰিয়েই আমি ফলাহাৰক সদায় আন খাদ্য গ্ৰহণৰ পিছত ৰাখো৷ আনকি আমি নিশাৰ ভাগতো ফলাহাৰ গ্ৰহণ কৰিবলৈ ভয় কৰো৷ কিন্তু এই কথা জানি আপুনি আচৰিত হ’ব যে পুৱা টোপনিৰ পৰা উঠি সুদা পেটত ফলাহাৰ কৰাৰ দৰে উপকাৰ আন ক’তো পোৱা নাযায়৷ অৱশ্যে ইয়াৰ পূৰ্বে নিৰ্দিষ্ট পৰিমাণৰ পানী খাই ল’ব লাগিব৷ নিতৌ পুৱা শুই উঠাৰ পিছত এনেদৰে ফলাহাৰ গ্ৰহণ কৰিলে আপুনি এচিডিটিৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব৷ লগতে আপোনাৰ হজম শক্তিও বৃদ্ধি পাব৷ তদুপৰি ফলাহাৰেৰে দিনটো আৰম্ভ কৰিলে আপোনাৰ মানসিক অৱস্থা আৰু স্বাস্থ্য সতেজ হৈ থাকিব৷ নিতৌ পুৱা ফলাহাৰ গ্ৰহণ কৰাৰ পাছত শৰীৰ চৰ্চা কৰিলে অধিক উপকাৰ লাভ কৰিব পৰা যায়৷ এনে কৰিলে শাৰীৰিক দুৰ্বলতা আঁতৰ হয়৷ মন কৰিব যে উপবাস ভংগ সদায় ফলৰ ৰসেৰে কৰা হয়৷ গতিকে সুদা পেটত গ্ৰহণ কৰা ফলাহাৰে আপোনাৰ কেতিয়াও সমস্যাৰ সৃষ্টি নকৰে৷
পুৱাই ফল খাওক পাব আশ্চৰ্যজনক ফল
Posted on by GTM Desk
0 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025