- ‘‘ৰামচন্দ্ৰ আহিছে, ৰভা তলত বহিছে, তাকে দেখি আমাৰ কইনাই ককাল ঘূৰাই নাচিছে।’’ মাজত মাত্ৰ এটা দিন। বহু প্ৰতীক্ষাৰ অন্তত বৈবাহিক জীৱনৰ বাবে সাজু হৈছে গায়ক আচুৰ্য বৰপাত্ৰ।
-
ৰামচন্দ্ৰ হৈ দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিব আচুৰ্য বৰপাত্ৰই। ২৭ ফেব্ৰুৱাৰীত বিয়া আৰু ২ মাৰ্চত অভ্যৰ্থনা। সখী হব কণ্ঠশিল্পী নীল আকাশ। সৰুপথাৰ টেঙাহোলাৰ নিজ গৃহতেই অনুষ্ঠিত হ’ব বিবাহ আৰু অভ্যৰ্থনা।
-
তেওঁৰ বিয়াক লৈ ব্যাপক প্ৰস্তুতি চলিছে। গাঁৱৰ মহিলা সকলে বিয়া নাম গাই পিঠা বনোৱাই পিঠা বনোৱাত ব্যস্ত, তামোল কটাই তামোল কটাত ব্যস্ত।
-
দুখন পথাৰত অভ্যৰ্থনাৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে বৃহৎ পেণ্ডেল। উক্ত বিবাহ অনুষ্ঠানলৈ আহিব ৰাজ্যৰ বহু কণ্ঠশিল্পী, অভিনেতা, অভিনেত্ৰীৰ লগতে বহু কেইজন ৰাজনৈতিক নেতা।
-
ইফালে, বিবাহৰ পূৰ্বে অসমীয়া পৰম্পৰা অনুসৰি ঘৰত অনুষ্ঠিত হৈছে নীতি-নিয়ম। আয়তীৰ উৰুলি আৰু বিয়ানামত মুখৰিত হৈছে ৰভাতলী ৷ মুঠতে এতিয়া গাত তত নাইকিয়া হৈছে আচুৰ্য ৰ সৰুপথাৰৰ টেঙাহোলা ঘৰখনত ।
ৰামচন্দ্ৰ হৈ দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিব আচুৰ্য বৰপাত্ৰই!
![](https://guwahatitimes.com/wp-content/uploads/2023/02/guwahati-times-8.png)