BPF-UPPL এতিয়া বিজেপিৰ ‘দবা খেল’ৰ PAWN: ভূপেন বৰা

1 min read

বিজেপিয়ে যিকোনো প্ৰকাৰে আগন্তুক লোকসভা নিৰ্বাচনত মিছন ১২+ ৰ লক্ষ্য পূৰণ কৰিব বিচাৰে । এই লক্ষ্য পূৰণৰ স্বাৰ্থত গেৰুৱা দলটোৱে বড়ো ভূমিৰ দুই ৰাজনৈতিক চিৰবৈৰীক এক কৰাৰ চেষ্টা চলাইছে ৷  ইয়াকে লৈ কংগ্ৰেছৰ কটাক্ষ ৷

বড়ো ভূমিত প্ৰমোদ বড়ো আৰু প্ৰাক্তন BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ মাজত এতিয়া তেল পানীৰ সম্পৰ্ক । শেহতীয়াকৈ  প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ ঘৰত উদ্ধাৰ হোৱা অস্ত্ৰ প্ৰমোদ বড়োৰ বুলি দাবী কৰিছিল হাগ্ৰামা মহিলাৰীয়ে ৷ হাগ্ৰামাৰ এই অভিযোগৰ পিছতে প্ৰমোদ বড়োৱে ১০০কোটি টকাৰ মানহানি গোচৰ তৰিছিল  হাগ্ৰামাৰ বিৰুদ্ধে ৷ এই তেল পানীৰ দৰে সম্পৰ্কৰ বিপিএফ UPPLক এক কৰাৰ চিন্তা কৰিছে বিজেপিয়ে ৷ ২০২৪ৰ লোকসভা নিৰ্বাচনত ৰাজ্যিক বিজেপিয়ে যিকোনো প্ৰকাৰে দখল কৰিব বিচাৰিছে নৱ শৰণীয়াৰ দখলত থকা কোকৰাঝাৰ ৷ বিজেপিৰ এই ৰণনীতিক লৈ অৱশ্যে একো গম নাপাও বুলি কৈছে বিপিএফৰ জ্যেষ্ঠ নেতা ধনেশ্বৰ গয়াৰীয়ে ৷ বিজেপিয়ে জানে এই দুই দলক পৃথকে পৃথকে ৰাখিলে মিছন ১২+ সফল নহ’ব দলটোৰ ৷ পিছে বিজেপিৰ এই ৰণকৌশলক কটাক্ষ কৰিছে APCCৰ সভাপতি ভূপেন বৰাই ৷ ভূপেন বৰাৰ মতে বিজেপিৰ দবা খেলৰ প’ন বিপিএফ আৰু ইউ পি পি এল ৷ “BPF-UPPL এতিয়া বিজেপিৰ বাবে দবা খলেৰ প’ন(CHESS GAME PAWN)…

দলটোৰ নিজৰ ইচ্ছামতে নচুৱাই আছে প্ৰমোদ বড়ো, হাগ্ৰামা মহিলাৰীক ৷ দল দুটাৰ কোনো নিজস্বতা নাই ৷ আঞ্চলিকতাবাদী শক্তি দুটাৰ কোনো কাম নোহোৱা কৰি দিছে ৷ তাত এই দলবোৰক গুৰুত্ব নিদিয়ে ৰাইজে” ,ভূপেন বৰাই ক’লে এইদৰে ৷ লগতে APCCৰ সভাপতি গৰাকীয়ে ক’লে কংগ্ৰেছে কোকৰাঝাৰত দিব বড়ো প্ৰাৰ্থী ৷ একে সময়তে বৰাই দাবী কৰিছে,  কংগ্ৰেছে দখল কৰিব কোকৰাঝাৰ ৷ কংগ্ৰেছে কি কৈছে সেয়া বেলেগ কথা, মূল কথাটো হ’ল হাগ্ৰামা, প্ৰমোদ এক হ’বনে ? পাৰিবনে বিজেপিয়ে বড়ো ভূমিৰ ৰাজনীতিৰ এই তেল-পানী এক কৰিব ?

You May Also Like

More From Author