মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত চাহ বাগিচা অঞ্চলত যুৱ দক্ষতা বৃদ্ধি, ‘আপোন ঘৰ আঁচনিৰ অধীনত ধন আবণ্টন আৰু ভূমি সংৰক্ষণ সেৱা নীতিৰ বিষয়ে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি চাহ বাগিচাৰ যুৱ দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ‘মহাপ্রভু জগন্নাথ সামূহিক ভৱন তথা দক্ষতা কেন্দ্ৰ’ আঁচনিৰ বাবে চাৰে সাতশ কোটি টকাৰ পুঁজি অনুমোদন জনোৱা হয়। এই পুঁজিৰে অনাগত সময়ত চাহ বাগিচা অঞ্চলত ৫০০ টা জগন্নাথ সামূহিক ভৱন তথা দক্ষতা কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব। এই প্রকল্পই প্ৰতিখন চাহ বাগিচাৰ লগতে সামূহিক কেন্দ্ৰসমূহক দক্ষতাৰ সুবিধা প্ৰদান কৰি চাহ বাগিচা সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া প্রয়োজন পূৰ্ণ কৰিব। ইফালে, ‘আপোন ঘৰ’ আঁচনিৰ অধীনতো ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে সূত সাহায্যৰ প্রয়োজনীয়তা পূৰণৰ হেতু ১০৪ দশমিক ৫৭ কোটি টকা কেবিনেটে অনুমোদন কৰিছে। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত বৰ্তমানলৈ ৩৬ হাজাৰ ১৫৯ গৰাকী কৰ্মচাৰীয়ে সুবিধা লাভ কৰিছে। আনহাতে, ভূমি সংৰক্ষণ বিভাগত প্রশাসন ব্যৱস্থা সু-শৃংখলিত কৰাৰ লক্ষ্যৰে অসম ভূমি সংৰক্ষণ সেৱা নীতি, ২০২৩-ৰো কেবিনেটে অনুমোদন জনাইছে। এই পদক্ষেপে কৰ্মচাৰীসকলক প্ৰেৰণা যোগোৱাৰ লগতে সেৱা বিষয়ক অসুবিধাসমূহ আঁতৰ কৰিব।
ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত কেবিনেট বৈঠক অনুষ্ঠিত
Posted on by GTM Desk
1 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025