থানাৰ সন্মুখত পত্নী-সন্তানৰ কান্দোনৰ ৰোল, আত্মহত্যাৰ ভাবুকি

1 min read

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ টুইট৷ মুখ্যমন্ত্ৰীৰ এই বিশেষ টুইটটোৰ পাছতেই শুকুৰবাৰে মাজ নিশাৰে পৰা যুদ্ধংদেহি স্থিতিয়ে অসম আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান৷ ৰাজ্যৰ জকাইচুকীয় গাঁৱতো নিশাৰে পৰা আৰক্ষী বাহনৰ চাইৰেণ আৰু চাৰিওপিনে মাতৃ-বোৱাৰীৰ কান্দোনৰ ৰোল৷ আৰক্ষীৰ এই তৎপৰতাৰ লক্ষ্য হৈছে কম বয়সৰ ছোৱালীক বিয়া কৰোৱা বে-আইনী স্বামী৷ অৰ্থাৎ বাল্য বিবাহ কৰোৱা অবৈধ স্বামীক বিচাৰি আৰক্ষীয়ে অভিযান চলোৱাৰ পাছতেই ৰাজ্যৰ থানাই থানাই বে-আইনী স্বামীৰ পত্নী-সন্তান তথা আত্মীয়ৰ কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হয়৷ কোনো থানাত যদি স্বামীৰ মুক্তিৰ দাবীত পুৱতি নিশাৰে পৰা পত্নীয়ে অৱস্থান গ্ৰহণ কৰি প্ৰতিবাদ কৰিছে, আন কোনো থানাত আকৌ স্বামীক মোকলাই নিদিলে থানাৰ চৌহদতে আত্মহত্যাৰ ভাবুকি দিছে পত্নীয়ে৷ ক’ৰবাত যদি শহুৰ-শাহুৰেকৰ লগতে   ৬-৭ মহীয়া গৰ্ভৱতী  পত্নীয়ে থানাত ভিৰ কৰিছে, আন ক’ৰবাত কোলাত পানী কেঁচুৱা লৈ স্বামীৰ মুক্তিৰ দাবী জনাইছে প্ৰসূতি মাতৃয়ে৷ ইফালে প্ৰেম বিবাহ কৰি নিজেই পলাই অহা বুলিও দাবী কৰি কোনো পত্নীয়ে ৰাওচি জুৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শাওপাত দিয়াও দেখা যায়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ ভুক্তভোগী কিশোৰীসকলক অৰুণোদয় আঁচনি অংশীদাৰ কৰিব বুলি প্ৰতিশ্ৰুতি দিলেও মুঠৰ ওপৰত শুকুৰবাৰে ৰাজ্যৰ প্ৰতিখন থানাতে শ শ মহিলাই ঘেৰাও কৰি প্ৰতিবাদ কৰা দেখা যায়৷ প্ৰতিবাদ নহ’বনো কিয়– শুকুৰবাৰে সন্ধিয়া পৰ্যন্ত অসম আৰক্ষীয়ে বাল্য বিবাহৰ অপৰাধত ২,০৪৪ জন স্বামী, পূজাৰী তথা কাজীক গ্ৰেপ্তাৰ কৰি জে’ললৈ নিক্ষেপ কৰে৷ বাল্য বিবাহৰ অপৰাধত পুত্ৰক গ্ৰেপ্তাৰ কৰাত গোলাঘাট থানাত হাজিৰ হৈ কান্দোনত ভাগি পৰা সুমদ্ৰা গগৈ নামৰ মাতৃগৰাকীয়ে কয়– ‘প্ৰেম বিবাহ কৰি মোৰ ল’ৰাই বিয়া পাতিছে৷ আমি দুয়োঘৰে তাক সমৰ্থন জনাইছো৷ ল’ৰাটোৱে আমাৰ পৰিয়ালটোক চোৱা-চিতা কৰে৷ এতিয়া হিমন্ত বিশ্ব শৰ্মাই ল’ৰাটোক গ্ৰেপ্তাৰ কৰোৱাইছে৷ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বুকুৰ পৰা সন্তান কাঢ়ি নিলেহে সন্তানৰ মৰ্মবেদনা উপলব্ধি কৰিব পাৰিব৷’ ইফালে, স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত বোকাজান থানাত মূৰ্ছা যায় খালেদা বেগম নামৰ এগৰাকী পত্নী৷ চিলাপথাৰ থানাতো একাংশ মহিলাই স্বামী, সন্তান তথা জোঁৱায়েকক গ্ৰেপ্তাৰ কৰাত আৰক্ষীক বাধা প্ৰদান কৰি এক শোকাকুল পৰিস্থিতিৰ সৃষ্টি কৰে৷ অনুৰূপ দৃশ্য দেখা যায় গহপুৰ থানাত৷ গহপুৰ থানাত স্বামীক গ্ৰেপ্তাৰ কৰি থোৱা এগৰাকী পত্নীৰ আক্ষেপ– ‘মই ১৮ বছৰ বয়সত বিয়া হৈছো৷ এতিয়া মোৰ বয়স ১৯ বছৰ৷ এতিয়া যদি মই মাৰ ঘৰলৈ উভতি যাও, মোক জানো ঘৰখনে আদৰি ল’ব৷ ৩-৪ বছৰ আগত বিয়া  কৰাৰ সময়তে ব্যৱস্থা নলৈ এতিয়া কি চমক দেখুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷’ মাজুলী থানাতো একাংশ মহিলাই গ্ৰেপ্তাৰ কৰা স্বামীক আৰক্ষীয়ে মোকলাই নিদিলে থানাৰ ভিতৰতে আত্মজাহৰ ভাবুকি দিয়া দেখা গ’ল৷ ইফালে, বিবাহৰ মাত্ৰ ৫ দিনৰ পাছতেই স্বামীক গ্ৰেপ্তাৰ কৰাত শুকুৰবাৰে পুৱাই ৰূপহীহাট থানাত কান্দোনত ভাগি পৰে এগৰাকী ১৫ বছৰীয়া পত্নী৷ ৰূপহীহাট আৰক্ষীয়ে শিঙিমাৰীৰ  পৰা বাল্য বিবাহৰ অপৰাধত ১৮ বছৰীয়া ৰাজিকুল ইছলাম নামৰ দৰাজনক গ্ৰেপ্তাৰ কৰে৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহ কৰোৱা পত্নীসকলক অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰীৰ সুবিধা ভোগৰ সুযোগ দিব বুলি প্ৰকাশ কৰিলেও দুৰ্ভগীয়া পত্নীসকলৰ দাবী–‘আমাক অৰুণোদয়ৰ ১,২৫০ টকা নালাগে, আমাক আমাৰ স্বামীকহে ঘূৰাই দিয়ক৷’

চৰাইদেউ জিলাত ৬৫জনক গ্ৰেপ্তাৰ, সোণাৰি সদৰ থানাত উত্তেজনা, আত্মজাহৰ ভাবুকি অভিযুক্তৰ পত্নীৰ

বাল্যবিবাহ কৰোৱা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান আৰম্ভ কৰি হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হ’ব বুলি কালি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতেই অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো আৰক্ষীয়ে বাল্যবিবাহকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে৷ জিলাখনৰ সোণাৰি সদৰ থানাৰ লগতে জিলাখনৰ অন্তৰ্গত বিভিন্ন থানাৰ আৰক্ষীয়ে কালি বিয়লিৰ পৰাই সংশ্লিষ্ট থানা এলেকাসমূহত বাল্যবিবাহ কৰোৱা লোক আৰু এই বাল্যবিবাহত অৰিহণা যোগোৱা পিতৃ-মাতৃৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰে৷ যোৱাকালি দুপৰীয়াপৰ্যন্ত সোণাৰি আৰক্ষীয়ে ৪১জনৰ লগতে জিলাখনৰ বিভিন্ন থানাই বাল্যবিবাহৰ লগত জড়িত মুঠ ৬৫জন লোকক আটক কৰি থানাত সোধা-পোছা অব্যাহত ৰাখিছে৷ লগতে ধৃত লোকসকলৰ বিবাহ সম্পৰ্কীয় নথিসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰি আছে৷ জিলাখনৰ বিভিন্ন ঠাইত অভিযুক্ত পলাতক অৱস্থাত থকা হেতু তেওঁলোকৰ পিতৃ-মাতৃকে আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে৷ বাল্যবিবাহত লিপ্ত জিলাখনৰ বহুলোকে আৰক্ষীৰ সম্ভাৱ্য গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ কেৰালা, চেন্নাই, মুম্বাই, উত্তৰ প্ৰদেশ, দিল্লী, ডিমাপুৰ আদিলৈ পলায়ন কৰা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে৷ উল্লেখ্য, চৰাইদেউ জিলাত বাল্যবিবাহ কৰোৱা আন ৭৮জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে৷ আনহাতে, বাল্যবিবাহৰ বিৰুদ্ধে চৰাইদেউ আৰক্ষীয়ে অভিযান চলাই অবৈধ স্বামীসকলক আটক কৰা পাছতে বিভিন্ন থানাত ইতিমধ্যে হাজিৰ হৈছেহি আটকাধীন লোকৰ আত্মীয়৷ সোণাৰি সদৰ থানাটো বাল্যবিবাহৰ অভিযোগত অভিযুক্ত স্বামীসকলৰ পত্নী তথা আত্মীয়-স্বজনে ভৰি পৰে৷ থানা চৌহদত অভিযুক্তৰ পত্নী তথা আত্মীয়-স্বজনৰ কান্দোনৰ ৰোল উঠে৷ আনহাতে, বাল্যবিবাহৰ বাবে অবৈধ স্বামীৰ লগতে আত্মীয়ক আৰক্ষীয়ে আটক কৰাত মহিলাসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে যাৱতীয় প্ৰমাণ-পত্ৰ প্ৰদৰ্শন কৰাৰ পাছতো বাল্যবিবাহ সম্পন্ন কৰাৰ অভিযোগত অভিযুক্ত কৰি পুত্ৰক নাপায় একাংশ পিতৃক জে’ললৈ নিক্ষেপ কৰাক লৈ সোণাৰি থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ উত্তেজিত মহিলাসকলে কান্দি-কাটি থানা চৌহদত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে তেওঁলোকৰ স্বামীক মুকলি কৰি দিবলৈ দাবী জনায়৷ অন্যথা থানা চৌহদতে আত্মজাহৰো ভাবুকি দিয়ে উত্তেজিত মহিলাসকলে৷ বাল্যবিবাহত অভিযুক্তসকলৰ পত্নী তথা আত্মীয়সকলে সৃষ্টি কৰা এনে অবৰ্ণনীয় পৰিস্থিতিৰ মাজতে আৰক্ষীয়ে একাংশ অভিযুক্তক জে’ললৈ প্ৰেৰণ কৰা পৰিলক্ষিত হয়৷ আনহাতে, বাতৰি লিখা পৰলৈকে শতাধিক মহিলাই কোলাত পানীকেঁচুৱা লৈ স্বামীৰ মুক্তিৰ আশাত ভোকে-লঘোণে সোণাৰি সদৰ থানাৰ চৌহদতে অৱস্থান কৰি আছে৷

You May Also Like

More From Author