গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰে৷ গুৱাহাটী জল ব’ৰ্ডৰ অধীনত ৰূপায়িত জাইকা সাহায্যপ্ৰাপ্ত বৃহত্তৰ গুৱাহাটী পানীযোগান আঁচনিৰ অধীনত নতুনকৈ পাঁচ সহস্ৰাধিক পৰিয়াললৈ খোৱাপানী যোগান ধৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে বুলি আজি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে৷
তেওঁ কয় যে এই পৰ্যায়ত মহানগৰীৰ ৰামচা হিল, গান্ধীবস্তি, নেহৰু ষ্টেডিয়াম, ইছলামপুৰ, হাজি মুছাফিৰখানা, আশ্ৰম ৰোড, লাচিত নগৰ, ইস্কন মন্দিৰ, বৰা ছাৰ্ভিচ, ভঙাগড়ৰ সৈনিক ভৱনৰ পৰা বিগ বজাৰ পৰ্যন্ত ৰাজগড় মূল পথ সংযোগী এলেকাৰ মুঠ ৫,০২৪ টা পৰিয়ালক খোৱাপানী যোগানৰ সুবিধাৰে সামৰি লোৱা হ’ব৷ অহা ১ মাৰ্চৰপৰা আৱেদন পত্ৰ গ্ৰহণ কৰা হ’ব৷ কোনো কাৰ্যালয়লৈ নোযোৱাকৈ ৰাইজে নিজ গৃহৰ পৰাই জল ব’ৰ্ডৰ ৱেৱছাইট https://gmdwsb.in/ লৈ গৈ অথবা গুগল প্লে’ ষ্ট’ৰৰ পৰা GJB-Guwahati Jal Board মোবাইল এপ্লিকেশ্যন ডাউনলোড কৰি ইয়াৰ বাবে আৱেদন কৰিব পাৰিব৷
সাংবাদিকসকলক সম্বোধন কৰি মন্ত্ৰী সিংহলে কয় যে গুৱাহাটী মহানগৰীত খোৱাপানী যোগানৰ বাবে তিনিটা প্ৰকল্পৰ কাম সমান্তৰালভাৱে চলি আছে৷ জাইকা সাহায্যপ্ৰাপ্ত বৃহত্তৰ গুৱাহাটী পানীযোগান আঁচনিৰ লগতে জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় চহৰী নৱীকৰণ যোজনা [JNNURM] আৰু অসম নগৰীয়া আন্তঃগাঁথনি উন্নয়ন কাৰ্যসূচী [AUIIP]ৰ অধীনত আন দুটা প্ৰকল্পৰ কাম চলি আছে৷ ইয়াৰে জাইকা সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ অগ্ৰগতি যথেষ্ট সন্তোষজনক বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতি সাত দিনৰ মূৰে মূৰে তেওঁ নিজেই ইয়াৰ ৰূপায়ণৰ পৰ্যালোচনা কৰি আছে৷ প্ৰতি দুই-তিনি মাহৰ অন্তৰালত গুৱাহাটীৰ নতুন নতুন এলেকাক পানীযোগানৰ দ্বাৰা সামৰি লোৱা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে পৰ্যায়ক্ৰমে সমগ্ৰ মহানগৰবাসীকে খোৱাপানী যোগান ব্যৱস্থাৰে সামৰি ল’বলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু এই লক্ষ্যৰে চৰকাৰে বিৰামবিহীনভাৱে কাম কৰি আছে৷