অস্বাস্থ্যকৰ খাদ্য, বীজাণু যুক্ত আৰু অপৰিষ্কাৰ বাচনত খাদ্য গ্ৰহণ কৰিলে ফুড পয়জনিং বা খাদ্যত বিষক্ৰিয়া ঘটাতো স্বাভাৱিক৷ এনে অৱস্থাত আমি লগে লগে চিকিৎসকৰ কাষ চাপো৷ ফুড পয়জনিং হ’লে ততাতৈয়াকৈ চিকিৎসকৰ ওচৰ নাচাপি কেতবোৰ সাধাৰণ উপায়ৰ জৰিয়তেই এই সমস্যাৰ পৰা নিৰাময় লাভ কৰিব পাৰি৷ অৱশ্যে, ফুড পয়জনিঙৰ বাবে শৰীৰ বেছি দুৰ্বল হৈ পৰিলে হাস্পতালৰ কাষ চপা বা চেলাইন লোৱাটো জৰুৰী৷ চেলাইনে দেহত অভাব ঘটা তৰল আৰু খনীজ পদাৰ্থ দ্ৰুতভাৱে পূৰণ কৰে৷ ঘৰুৱা উপায়েৰে ফুড পয়জনিঙৰ সমস্যাৰ পৰা নিৰাময় লাভ কৰা কেইটামান উপায় হৈছে– প্ৰচুৰভাৱে পানী খাওঁক৷ প্ৰয়োজন বোধে অ’ আৰ এছ বা ডাবৰ পানী খাওঁক৷ পাকস্থলীক বিৰতি দিবলৈ কেইঘণ্টামান খাদ্য-সামগ্ৰী গ্ৰহণ নকৰিব৷ পেটৰ অৱস্থা অলপ ভালৰ পিনে আহিলে সামান্য খাদ্য গ্ৰহণ কৰক৷ মছলা বা চৰ্বিযুক্ত খাদ্যৰ পৰা আঁতৰি থাকক৷ বিশেষকৈ ভাত, কল আদি গ্ৰহণ কৰক৷ গাখীৰজাতীয় খাদ্য, কেফেইন সমৃদ্ধ পানীয় আৰু এলকহলৰ পৰা আঁতৰি থাকক৷ শাৰীৰিক পৰিশ্ৰম নকৰি বিশ্ৰাম কৰক৷ পাতল শৌচ বন্ধ কৰিবলৈ ততাতৈয়াকৈ দৰৱ গ্ৰহণৰ পৰা আঁতৰি থাকক৷
‘ফুড পয়জনিং’ হ’লে কি কৰা উচিত
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025