বাংগালুৰুত জি-২০ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ প্ৰথমখন বৈঠক আৰম্ভ

1 min read

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুকলি ভাষণেৰে আজি বাংগালুৰুত জি-টুৱেণ্টিৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ প্ৰথমখন বৈঠক আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত প্রতিনিধিসকলক বিশ্বৰ আটাইতকৈ দুর্বল নাগৰিকসকলক তেওঁলোকৰ আলোচনাত গুৰুত্ব দিবলৈ আহ্বান জনায়। প্রধানমন্ত্রীয়ে কয় যে, বিত্তৰ জগতখনত প্রযুক্তিয়ে ক্রমান্বয়ে প্ৰভাৱশালী ভূমিকা পালন কৰিছে। অৱশ্যে ডিটিটেল ফাইনেন্সৰ কিছু শেহতীয়া উদ্ভাৱন অস্থিৰতা আৰু অপব্যৱহাৰৰ আশংকাৰ সৃষ্টি কৰিছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে ভাৰতীয় গ্ৰাহক আৰু উৎপাদকসকল ভৱিষ্যতৰ প্ৰতি আশাবাদী আৰু আত্মবিশ্বাসী। শ্রীমোদীয়ে আশা প্রকাশ কৰে যে প্রতিনিধিসকলেও একে ইতিবাচক মনোভাৱ বিশ্ব অর্থনীতিলৈও প্ৰেৰণ কৰিব পাৰিব। প্ৰধানমন্ত্রীয়ে লগতে কয় যে ভাৰতীয় গ্ৰাহকে ডিজিটেল পেমেণ্টক কেনেদৰে আকোৱালি লয় তাৰ প্ৰত্যক্ষ অভিজ্ঞতা প্ৰতিনিধিসকলে লাভ কৰিব। দুদিনীয়া এই বৈঠকত জি-টুৱেণ্টিৰ সদস্য ৰাষ্ট্ৰসমূহৰ ৫০০ প্রতিনিধি, আমন্ত্ৰিত আৰু আন্তঃ ৰাষ্ট্ৰীয় সংস্থাসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। আজি প্রথম অধিবেশনত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় স্থাপত্য, বহনক্ষম বিত্ত আৰু আন্তঃগাঁথনিৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব।

You May Also Like

More From Author