আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব বন্দনাক! ৭ দিনৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে!

0 min read

শাহুৱেক আৰু স্বামীক হত্যা কৰা বন্দনা কলিতাৰ বুধবাৰে উকলিব আৰক্ষী জিম্মাৰ ম্যাদ। ৫ দিনৰ অন্তত বুধবাৰে আদালতত হাজৰি কৰোৱা হ’ব বন্দনাক৷ অৱশ্যে আৰক্ষীয়ে পুনৰ তদন্তৰ খাতিৰত ৭ দিনৰ জিম্মাত বিচৰাৰ কথা ক’লে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই৷ কিয়নো দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰা বন্দনা কলিতাৰ পৰা এতিয়াও কিহৰ বাবে এনে ঘটনা সংঘটিত কৰিলে সেয়া স্পষ্ট হোৱা নাই৷

শাহুৱেকৰ দেহৰ কিছু অংশ লাভ কৰাৰ পিছত মঙলবাৰে স্বামী অমৰজ্যোতিৰ দেহৰ অংশ বিচাৰি ডাউকীত চলাইছিল অভিযান৷ অভিযানত কিছু দেহৰ অংশ লাভ কৰিবলৈ সক্ষম হৈছে যদিও সম্পূৰ্ণৰূপে এতিয়াও পোৱা নাই৷

You May Also Like

More From Author