জ্ঞানেন্দ্র প্রতাপ সিঙে আজি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিলে

1 min read

অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধান (আইন-শৃংখলা) ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া জ্ঞানেন্দ্র প্রতাপ সিঙে আজি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই নবনিযুক্ত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীক তেঁওৰ দায়িত্বভাৰ অৰ্পণ কৰে।

২০১৯ বৰ্ষৰ ৩০ নবেম্বৰত আৰক্ষী সঞ্চালকপ্রধান হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰা ভাস্কৰজ্যোতি মহন্তক আজি পুৱা অসম আৰক্ষীৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়। এই উপলক্ষে কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ ‘পেৰেড গ্রাউণ্ডত বিদায়ী সঞ্চালকপ্ৰধানগৰাকীৰ সন্মানাৰ্থে আয়োজিত বিশেষ পেৰেডত অংশগ্ৰহণকাৰী আৰক্ষীৰ দলসমূহক অভিবাদন গ্রহণ কৰি মহন্তই তেঁওৰ কাৰ্য্যকালত আৰক্ষীৰ সকলো পৰ্য্যায়ৰ বিষয়াৰ লগতে কৰ্মচাৰী তথা জোৱানসকলৰ পৰা লাভ কৰা সহায়- সহযোগিতা আৰু সমর্থনৰ বাবে সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

ভাষণ প্ৰসংগত মহন্তই অসম আৰক্ষীৰ গৌৰৱময় ইতিহাসৰ বিষয়ে উল্লেখ কৰি কয় যে বিগত সময়ছোৱাত অসম আৰক্ষীয়ে বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে যদিও অতি দক্ষতা, সাহস আৰু বিচক্ষণতাৰে সেইসমূহ মোকাবিলা কৰিবলৈ সক্ষম হৈছে। আৰক্ষী আৰু জনসাধাৰণৰ মাজত এক সুদৃঢ় সম্পৰ্কৰ জৰিয়তে আৰক্ষী বাহিনীটো আৰু অধিক আগুৱাই যাব বুলিও তেঁও আশা প্রকাশ কৰে।

অনুষ্ঠানত ভাষণ দি সদ্য-নিযুক্ত আৰক্ষী সঞ্চালকপ্ৰধান জ্ঞানেন্দ্র প্রতাপ সিঙে বিদায়ী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই আৰক্ষীৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত থাকি আগবঢ়োৱা সেৱাৰ বিষয়ে উল্লেখ কৰি বাহিনীটোক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেঁওৰ ভূমিকাৰ বিষয়েও বর্ণনা কৰে। অনুষ্ঠানত মেঘালয়ৰ আৰক্ষী সঞ্চালকপ্রধান ডাঃ এল আৰ বিষ্ণুইৰ উপৰি অসম আৰক্ষীৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

You May Also Like

More From Author