অসমৰ বিহু নৃত্যক গীণিজ বুকত সন্নিবিষ্ট কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেল সম্বোধন কৰি এই প্ৰস্তুতি সম্পৰ্কত কয় যে অহা ১৪ এপ্রিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত একেলগে ১১ হাজাৰৰো অধিক শিল্পীয়ে বিছনৃত্য পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়িব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী গৌৰৱময় এই ঘটনাৰ সাক্ষী হৈ থাকিব। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰে সৰুসজাইৰ এই অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰীৰ লগতে দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাল্সকলক নিমন্ত্রণ জনোৱাৰ সিদ্ধান্ত লৈছে। অহা ২০ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ অসম চৰকাৰৰ মন্ত্ৰীসকলে অন্য ৰাজ্যলৈ ভ্ৰমণ কৰি ৰাজ্যপাল তথা মুখ্যমন্ত্ৰীসকলক ১৪ এপ্ৰিলৰ অনুষ্ঠানলৈ নিমন্ত্রণ জনাব। ইফালে, G-20 ত অন্তৰ্ভুক্ত ৰাষ্ট্ৰ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ ৰাষ্ট্ৰদূতসকলকো এই অনুষ্ঠানলৈ নিমন্ত্রণ জনোৱা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই অসম ভ্ৰমণৰ সময়তে ৰংঘৰৰ প্ৰস্তাৱিত প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা এইমছৰ শুভ আৰম্ভণি কৰা হ’ব বুলিও ড° শৰ্মাই সংবাদমেলত অৱগত কৰে৷ ইফালে, সৰুসজাইৰ এই অনুষ্ঠানত অসমৰ সকলো জিলাৰ পৰাই শিল্পীয়ে অংশ ল’ব বুলি অৱগত কৰি তেওঁ কয় যে ইতিমধ্যে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ইয়াৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ আৰম্ভ হৈছে। ২৭ মাৰ্চৰ পৰা জিলাই জিলাই চাৰিদিনীয়াকৈ আন এটা প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ’ব। আনহাতে, ৯ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ সৰুসজাইত অন্তিম অনুশীলন কৰা হ’ব। সেই সময়খিনিত সকলো শিল্পীৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটীত থকা হোৱাৰ ব্যৱস্থা কৰিব। অনুষ্ঠানত অংশ লোৱা সকলো শিল্পীকে বেংক একাউণ্টৰ জৰিয়তে ৰাজ্য চৰকাৰে মাননি প্ৰদান কৰাৰ কথা উল্লেখ কৰি ড° শর্মাই লগতে জনায় যে ইতিমধ্যে ৰাজ্যিক পৰ্যায়ত অনুষ্ঠানৰ এখন উপদেষ্টা সমিতি গঠন কৰা হৈছে আৰু শিল্পী বাছনি তথা প্ৰশিক্ষণৰ বিষয়ক লৈ উপায়ুক্তসকলে নিজ নিজ জিলাত একেধৰণৰ উপদেষ্টা কমিটী গঠন কৰিব। ইফালে, অহা বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত সৰুসজাইত সাতদিনীয়া পৰম্পৰাগত বিহু উৎসৱ আয়োজন কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ঘোষণা কৰে। আনহাতে, এইবাৰো দহ বছৰ পুৰণি বিহু কমিটীক ডেৰ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা তথা বহিৰাগত গামোছাৰ বিক্ৰি বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ ব্যৱস্থা ল’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত অৱগত কৰে। বিহু কমিটীক সাহায্য প্ৰদানৰ নিয়মাৱলী শীঘ্ৰেই ৰাজহুৱা কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।
বিহু নৃত্যক গীণিজ বুকত সন্নিবিষ্টৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি আৰম্ভ
Posted on by GTM Desk
1 min read