২০২০ চনত পাণ্ডিয়াই নাটাছা ষ্টেনকভিচৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল! ১৪ ফেব্ৰুৱাৰীত পুনৰ তেওঁৰ বিবাহ!
- ২০২০ চনৰ ৩১ মে’ত দুয়োৰে বিবাহপাশত আবদ্ধ হয়। কিন্তু সেয়া আছিল আইনী বিবাহ। গতিকে এতিয়া হাৰ্দিক পাণ্ডিয়াই আনুষ্ঠানিকভাৱে বিয়া হোৱাৰ সিদ্ধান্ত লৈছে।
- সামাজিক নীতি অনুসৰি হাৰ্ডিক পাণ্ডিয়াই নাটাছা ষ্টেনকোভিচৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। জানিব পৰা মতে ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হ’ব এই বিবাহ অনুষ্ঠান।
- ২০২০ চনত নাটাছা আৰু হাৰ্দিকৰ বিবাহে আলোড়নৰ সৃষ্টি কৰিছিল। বিয়াৰ আগতেই পাণ্ডিয়াই এটি পুত্ৰ সন্তানৰ পিতৃ হৈছিল।
- সামাজিক নীতি অনুসৰি হাৰ্দিকে নাটাছাক বিয়া কৰাব। বিবাহ অনুষ্ঠানত দেখা যাব নাটাছাক এটা বিখ্যাত কোম্পানীৰ গাউন পিন্ধি।
- হাৰ্দিক আৰু নাটাছাৰ পুত্ৰৰ নাম অগস্ত্য। বিবাহৰ পূৰ্বে এটি সন্তানৰ পিতৃ হোৱা বাবে হাৰ্দিক আৰু নাটাছাৰ সম্পৰ্কক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছিল। কিন্তু সেই বিতৰ্কবোৰৰ প্ৰতি হাৰ্দিক বা নাটাছাই গুৰুত্ব নিদিলে।
- ১৪ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হ’ব হাৰ্দিক আৰু নাটাছা। হাৰ্দিক আৰু নাটাছাই অতি ঘনিষ্ঠ আত্মীয় আৰু বন্ধু-বান্ধৱীক বিয়ালৈ নিমন্ত্ৰণ জনাইছে।