সকলোৱে নিজৰ দাঁত পৰিষ্কাৰ হৈ থকাটো বিচাৰে। যেতিয়া মানুহে হাঁহে তেতিয়া দাঁত ওলায় আৰু যদিহে দাঁত হালধীয়া আৰু লেতেৰা হৈ থাকে তেতিয়া সাধাৰণতে মানুহে হাঁহিবলৈ অলপ সংকোচ কৰিব পাৰে। স্বাস্থ্যকৰ দাঁত থাকিলেহে মানুহে সঠিকভাৱে খাদ্য চোবাব সক্ষম হয়। যদি কাৰোবাৰ দাঁত নাথাকে, তেন্তে আহাৰ ভালদৰে চোবাব নোৱাৰে। দাঁত পৰিষ্কাৰ কৰি ৰাখিবলৈ মানুহে পুৱা আৰু ৰাতি ব্ৰাছ কৰিব লাগে।
কিছুমান মানুহে পুৱা সাৰ পোৱাৰ পিছত আৰু ৰাতি খোৱাৰ পিছত দুয়োটা সময়তে ব্ৰাছ কৰে। কিন্তু কমসংখ্যক লোকেহে জানে যে দাঁত পৰিষ্কাৰ কৰিবলৈ কেৱল ব্ৰাছ কৰাই যথেষ্ট নহয়। দাঁতৰ ফাঁকবোৰ সূতাৰে পৰিষ্কাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। যদি সূতাৰ সহায়ত দাঁত পৰিষ্কাৰ কৰা হয়, তেনেহ’লে দাঁতত কেতিয়াও বেক্টেৰিয়া আক্রমণ কৰিব নোৱাৰে।
মন কৰিবলগীয়া কথাটো হ’ল যে সূতাৰে দাঁত পৰিষ্কাৰ কৰাৰ পিছত পানী বা মাউথৱাশ্বেৰে মুখ পৰিষ্কাৰ কৰিব পাহৰি নাযাব। এনে কৰাৰ দ্বাৰা মুখ সম্পূৰ্ণৰূপে পৰিষ্কাৰ হ’ব। ইয়াৰ বাহিৰেও, যেতিয়া মুখৰ পৰা লেতেৰা ওলাই আহে, তেতিয়া দুৰ্গন্ধ নোলায়।