বাল্মিকীতকৈও আগতে হনুমানে লিখিছিল ৰামায়ণ। প্ৰিয় পাঠকসকল আমি সকলোৱে জানো যে বাল্মিকীয়ে ৰামায়ণ ৰচনা কৰিছিল। কিন্তু আপুনি জানি আচৰিত হ’ব যে বাল্মিকীৰ আগতেই প্ৰভু ৰামচন্দ্ৰৰ আগ্ৰহ মতে তেওঁৰ প্ৰথম ভক্ত হনুমানে ৰচনা কৰিছিল ৰামায়ণ আৰু তাক এক শিলালিপিত খুদিত কৰিছিল।
এই কথা যেতিয়া বাল্মিকীয়ে গম পালে তেতিয়া তেওঁ নিজে গৈ সেই শিলালিপিত লিখা ৰামচন্দ্ৰৰ জীৱনী পঢ়ি আচৰিত হৈ গ’ল। তেওঁ হনুমানক ক’লে -“হে পৱণ পুত্ৰ হনুমান,আপোনাতকৈ ভালকৈ আৰু কোনেও প্ৰভু ৰামচন্দ্ৰৰ বৰ্ণনা সুন্দৰকৈ কৰিব নোৱাৰে আৰু আপোনাৰ ৰচনাৰ সন্মুখত মোৰ ৰচনা একোৱেই নহয়।”এই কথা শুনি হনুমানে ভাবিলে যে, বাল্মিকীদেৱ হ’ল কবি আৰু মোৰ প্ৰভু ৰামচন্দ্ৰৰ প্ৰিয় শিষ্যয়ো। গতিকে তেওঁৰ লিখনি মোৰ সমান নহ’লেও তাতোতো প্ৰভু ৰামচন্দ্ৰৰেই গুণানুকীৰ্তন আছে। গতিকে তেওঁৱেই ইয়াৰ বাবে উপযুক্ত হ’ব। তাৰ পাছত তেওঁ, নিজে লিখা শিলালিপিৰ স্তম্ভটো উঠালে আৰু তাক নি সমুদ্ৰৰ পৃষ্ঠত এৰি দিলে আৰু ইতিহাসত ৰামায়ণ লিখাৰ বাবে বাল্মিকীৰ নাম অমৰ হৈ গ’ল।
দ্বিতীয়তে ৰামায়ণতে হৈছিল গায়িত্ৰী মন্ত্ৰৰ ৰচনা। প্ৰিয় পাঠকসকল আপুনি জানেনে, ৰামায়ণত লিখা শ্লোকসমূহৰ পৰায়েই গায়িত্ৰী মন্ত্ৰৰো ৰচনা হৈছিল। যদি নাজানে কওঁ শুনক ,বাল্মিকীয়ে লিখা ৰামায়ণখনত ২৪,০০০ টা শ্লোক আছে , তাৰ প্ৰতি ১০০০ টা শ্লোকৰ প্ৰথম আখৰটো লৈ গায়িত্ৰী মন্ত্ৰৰ ৰচনা হৈছিল। এই ২৪টা আখৰক লৈয়ে গায়িত্ৰী মন্ত্ৰৰ ৰচনা হৈছিল।
তৃতীয়তে কাৰ অৱতাৰ আছিল প্ৰভু ৰামচন্দ্ৰৰ ভাতৃ।আমি জানো যে ভগৱান ৰামচন্দ্ৰ হ’ল বিষ্ণুৰ অৱতাৰ আছিল। কিন্তু আপোনালোকে জানেনে তেওঁৰ তিনি ভ্ৰাতৃ কাৰ কাৰ অৱতাৰ আছিল। ভগৱান বিষ্ণুৰ শয়ণৰ চেচনাগৰ অৱতাৰ হ’ল লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্নক ক্ৰমে ভগৱান শ্ৰীকৃষ্ণয়ে হাতত ধাৰণ কৰা সূদৰ্শন চক্ৰ আৰু শংখৰ অৱতাৰ বুলি জনা যায়।
চতুৰ্থতে ৰামচন্দ্ৰৰ ভনীয়েক শান্তাৰ কথা। প্ৰিয় পাঠকসকল আমি কেৱল ভগৱান ৰামচন্দ্ৰৰ ভাতৃ সকলৰ বিষয়েহে জানো যে ৰজা দশৰথৰ চাৰিজন পুত্ৰ আছিল।প্ৰভু ৰামচন্দ্ৰ,লক্ষ্মণ,ভৰত আৰু শত্ৰুঘ্ন। কিন্তু এইয়া সম্পূৰ্ণ কথা নহয় তেওঁৰ এগৰাকী পুত্ৰীয়ো আছিল , তেওঁৰ নাম আছিল শান্তা। তেওঁ চাৰিজনৰ ভিতৰতে জেষ্ঠ আছিল। তেওঁৰ মাতৃ কৈশ্যলা আছিল,যাক পাছত ৰজা দশৰথে অংগদেশৰ ৰজা ৰোমপদ আৰু ৰাণী বৰ্ষিণীক তুলনীয়া সন্তান ৰূপে দি দিছিল । কাৰণ তেওঁলোকৰ কোনো সন্তান নাছিল। পাছত তেওঁলোকে শান্তাক বৰ মৰমেৰে পালন পোষণ কৰিছিল আৰু মাক দেউতাকৰ সম্পূৰ্ণ দায়িত্ব পালন কৰিছিল আৰু শেষত শান্তাৰ বিবাহ শৃংগ ঋষিৰ লগত কৰিছিল,তাক লৈ এক ৰোচক কথাও আছে। কথা অনুসৰি এদিন ৰজা ৰোমপদে তেওঁৰ পুত্ৰীৰ সৈতে কথা পাতি থাকোতে এজন ব্ৰাহ্মণ তেওঁৰ দ্বাৰত উপস্থিত হ’লহি আৰু তেওঁ ৰজাক প্ৰাৰ্থনা কৰিলে যে বৰ্ষা ঋতুত খেতিৰ বাবে তেওঁ ৰাজ-দৰবাৰৰ পৰা অলপ সহায় কৰক। কিন্তু ব্ৰাহ্মণৰ কথা ৰজা ৰোমপদে নুশুনিলে আৰু পুত্ৰীৰ লগত কথা বতৰা পাতে ব্যস্ত থাকিলে। বহু সময় ধৰি কোনো উত্তৰ নোপোৱাত ব্ৰাহ্মণজন দুখী হৈ পৰিল আৰু তেওঁ ৰজা ৰোমপদৰ ৰাজ্য এৰি গুচি গ’ল। সেই ব্ৰাহ্মণজন ইন্দ্ৰৰ ভক্ত আছিল। নিজৰ ভক্তৰ এনে দুৰ্দশা দেখি ইন্দ্ৰৰ ৰজা ৰোমপদৰ ওপৰত খং উঠিল আৰু তেওঁ, তেওঁৰ ৰাজ্যত পৰ্যাপ্ত বৰ্ষা নকৰিলে ,যাৰ বাবে ৰজা ৰোমপদৰ ৰাজ্যত শস্যৰ উৎপাদন নোহোৱা হ’ল ।প্ৰজাৰ দুৰ্দশা দেখি ৰজা ৰোমপদ শৃংগ ঋষিৰ ওচৰলৈ গ’ল আৰু তেওঁৰ পৰামৰ্শ মতে এক যজ্ঞ অনুষ্ঠিত কৰিলে,যাৰ ফলত পৰ্যাপ্ত পৰিমাণৰ বৰষুণ হ’ল। খেতি পথাৰ পানীৰে ভৰি পৰিল। তাৰ পাছত ৰজায়ে তেওঁৰ পুত্ৰীৰ বিবাহ ঋষিৰ সৈতে কৰি দিলে। আৰু দুয়োজনে সুখপূৰ্বকভাবে থাকিবলৈ ধৰিলে। পাছত ঋষি শৃংগয়ে আযোধ্যাৰ ৰজা দশৰথৰ বাবে পুত্ৰ প্ৰাপ্তিৰ যজ্ঞ কৰিলে, যাৰ বাবে তেওঁৰ চাৰিজন পুত্ৰৰ প্ৰাপ্তি হ’ল।
পঞ্চমতে কি আছিল সীতাৰ সয়ম্বৰৰ কাৰণ। ৰামায়ণৰ কথা অনুসৰি এবাৰ মাতা সীতাই সৰুতে শিৱৰ ধনু পিনাকাক উঠাই দিছিলে । তেতিয়াই ৰজা দশৰথে সিদ্ধান্ত কৰিছিল যে তেওঁ ,তেওঁৰ পুত্ৰীৰ বিবাহ এনে এজন পুৰুষৰ লগত কৰিব যি মা সীতাৰ দৰে নিমিষতে শিৱ ধনু পিনাকাক উঠাই দিব। এইটোৱেই কাৰণ আছিল, সীতাৰ সয়ম্বৰত এইটোৱেই চৰ্ত ৰখা হৈছিল, আৰু যি শিৱ ধনু পিনাকাক উঠাব পাৰিছিল ,তেওঁৰ লগতেই ৰাজকুমাৰী সীতাৰ বিবাহ হৈছিল আৰু যিদৰে আপোনালোকে জানেই ভগৱান ৰামচন্দ্ৰয়ে শিৱ ধনু পিনাকাত গোণ লগাই মা সীতাৰ সৈতে বিবাহ কৰিছিল।
ষষ্ঠতে ৰাৱণো গৈছিল সীতাৰ সয়ম্বৰলৈ। সেইসময়ৰ কেইবাজনো ৰজা সীতাৰ সয়ম্বৰত ভাগ ল’বলৈ জনকপুৰ পাইছিলগৈ, য’ত ৰাৱণো আছিলে। কোৱা হয় যে মন্দুদৰিৰ কেইবাবাৰো ৰখোৱাৰ পাছতো ৰাৱণ সীতাৰ সয়ম্বৰ পাইছিলগৈ। সেইসময়ৰ নিজৰ প্ৰভাৱ বিস্তাৰ কৰা ৰজাসকলৰ লগতে ৰাৱণো সীতাৰ সয়ম্বৰত শিৱৰ ধনুত গোণ লগোৱাত ব্যৰ্থ হৈছিল।
সপ্তমতে সীতাৰ সয়ম্বৰত প্ৰয়োগ হোৱা শিৱৰ ধনুখনৰ নাম। প্ৰিয় পাঠকসকল আমি প্ৰায় সকলোৱেই জানো যে সীতাৰ সয়ম্বৰত ভগৱান ৰামচন্দ্ৰয়ে শিৱৰ ধনুত গোণ লগাই তেওঁৰ সৈতে বিবাহ সম্পন্ন কৰিছিল। কিন্তু বহুত কম লোকেহে এই কথা জানিছিল যে সীতাৰ সয়ম্বৰত প্ৰয়োগ হোৱা ধনুখনৰ নাম কি আছিলে। সয়ম্বৰত প্ৰয়োগ হোৱা শিৱৰ ধনুখনৰ নাম আছিল পিনাকা।
অষ্টমতে, লক্ষ্মণৰ অন্য এটা নাম গোদাকেশো আছিলে। যেতিয়া ভগৱান ৰাম ,লক্ষ্মণ আৰু সীতা১৪বছৰৰ বাবে বনবাসলৈ গৈছিলে তেতিয়া তেওঁ নিজৰ ভায়েক আৰু নবৌয়েকৰ সুৰক্ষাৰ বাবে অলপো শুৱা নাছিলে। সেইবাবে তেওঁৰ নাম গোদাকেশ হৈছিল। বনবাসৰ প্ৰথম ৰাতি যেতিয়া তেওঁৰ ককায়েক আৰু নবৌয়েক শুই আছিলে, তেতিয়া তেওঁলোকৰ সন্মুখত নিদ্ৰাদেৱী প্ৰকট হৈছিল আৰু তেতিয়া লক্ষ্মণে তেওঁক বৰদান খুজিলে যে ,এই ১৪ বছৰত যাতে তেওঁৰ কেতিয়াও টোপনি নাহে আৰু তেওঁ নিজৰ প্ৰিয় ভাই আৰু বৌয়েকৰ ৰক্ষা কৰিব পাৰে।লক্ষ্মণৰ মুখত এনে কথা শুনি আৰু ভাইৰ প্ৰেম দেখি নিদ্ৰাদেৱী প্ৰসন্ন হ’ল আৰু ক’লে ,” হে লক্ষ্মণ যদি তোমাৰ বাহিৰে অন্য কোনোৱে ১৪বছৰলৈ শুৱলৈ প্ৰস্তুত হয় তেতিয়া মই তোমাক এই বৰদান দিব পাৰো।” তেতিয়া লক্ষ্মণে নিদ্ৰাদেৱীক তেওঁৰ পত্নী ঊৰ্মিলাৰ ওচৰলৈ পঠিয়ালে য’ত লক্ষ্মণৰ সলনি উৰ্মিলা শুবলৈ প্ৰস্তুত হ’ল আৰু তেওঁ ১৪ বছৰলৈ শুয়েই থাকিলে।
নৱমতে ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যুৰ ৰহস্য। ৰামায়ণত ইয়াৰ বিশদভাৱে আলোচনা কৰা হৈছে যে,বালি আৰু সুগ্ৰীৱৰ যুদ্ধৰ মাজতেই ভগৱান ৰামচন্দ্ৰয়ে গছৰ পাছফালৰ পৰা লুকাই বালিৰ বধ কৰিছিল যাৰ ফলত বালিৰ মৃত্যু হৈছিল। কিন্তু বহুতো কম লোকে এইটো জানে যে এই ঘটনাৰ আৰঁতেই ভগৱান বিষ্ণুৰ দেহ ত্যাগৰ ৰহস্যও লুকাই আছে।আচলতে বালিৰ মৃত্যুৰ পাছত যেতিয়া তেওঁৰ পত্নী তাৰায়ে এই কথা গম পালে যে প্ৰভু ৰামে লুকাই তেওঁৰ স্বামীক বধ কৰিছে তেতিয়া তেওঁ খঙতে তেওঁক অভিশাপ দিলে যে যিদৰে মোৰ স্বামীৰ মৃত্যু হৈছে থিক পুণৰ জন্মতো আপোনাৰ একেদৰেই মৃত্যু হব। আৰু মহাভাৰতত আমি এই কথাৰ উল্লেখ পাওঁ যে এজন চিকাৰীৰ বাণ লগাৰ ফলত ভগৱান শ্ৰীকৃষ্ণয়ে দেহত্যাগ কৰিছিল।
দশমতে ঋষিৰাজ জাম্বোৱন্তয়েও কৰিব বিচাৰিছিলে ভগৱান ৰামচন্দ্ৰ সৈতে যুদ্ধ। সেইসময়ত ঋষিৰাজ জাম্বোৱন্ত আছিলে সকলোতকৈ শক্তিশালী যোদ্ধা। কিন্তু যেতিয়া জাম্বোৱন্তয়ে এই কথা গম পালে য়ে ভগৱান ৰামচন্দ্ৰতকৈ শক্তিশালী মনুষ্য এই সৃষ্টিত আৰু কোনো নাই, তেতিয়া তেওঁ ভাবিলে যে তেওঁ, তেওঁৰ দৰে এজন শক্তিশালী যোদ্ধা যুদ্ধৰ বাবে পাই গ’ল। কিন্তু তেওঁ তেতিয়া যুদ্ধ কৰিবৰ বাবে ৰামচন্দ্ৰৰ কাষ পালেগৈ তেতিয়া ভগৱান ৰামে এইটো কৈ মানা কৰি দিলে যে তেওঁৰ ওচৰত এতিয়া যুদ্ধ কৰাৰ সময় নাই,কাৰণ তেওঁ নিজৰ পত্নীৰ সন্ধান কৰি আছে। কিন্তু ঋষিৰাজ জাম্বোৱন্তয়ে যুদ্ধৰ বাবে তেওঁক মাতি থাকিলে। তেতিয়া ভগৱান ৰামে তেওঁক প্ৰতিশ্ৰুতি দিলে যে পূৰ্ব জন্মত তেওঁৰ এই ইচ্ছা তেওঁ পালন কৰিব। আৰু পাছৰ জন্মত তেওঁ বিষ্ণুৰ ৰূপত তেওঁৰ এই ইচ্ছা পূৰ্ণ কৰিলে।
একাদশতে, ব্ৰহ্মচাৰী হোৱাৰ পাছতো হনুমানৰ আছিল এজন পুত্ৰ। সেই পুত্ৰজনৰ নাম আছিল মকৰধ্বজ। হনুমানৰ এই শক্তিশালী পুত্ৰজন এটা মাছৰ পৰা জন্ম হৈছিল।এইয়া তেতিয়া হৈছিল যেতিয়া লংকা পুৰি পেলোৱাৰ পাছত হনুমানে তেওঁৰ নেজডাল সমুদ্ৰত জুবুৰিয়াই দিছিল। শুনা মতে মকৰধ্বজ নামৰ এটা মাছে তেওঁৰ শৰীৰৰ পৰা ওলোৱা ঘাম খোৱাত মকৰধ্বজৰ জন্ম হ’ল।
দ্বাদশতে ৰাৱণৰ নাম কিদৰে হ’ল। ৰাৱণৰ নাম আগতে দশানণ বুলি জনা গৈছিল।ৰাৱণ এজন শিৱভক্ত আছিল আৰু লংকাৰ সিংহাসনত অধিষ্ঠিত হোৱাৰ পাছত তেওঁ এবাৰ ভগৱান শিৱক লগ কৰিবলৈ তেওঁৰ বিবাহ স্থান কৈলাশ পালেগৈ। কিন্তু দ্বাৰত তেওঁক দ্বাৰপাল নন্দীয়ে ৰখালে, কাৰণ সেই সময়ত ভগৱান শিৱ ধ্যানত আছিল । ৰাৱণৰ বৰ খং উঠিল যদিও নিজৰ ক্ৰোধ শান্ত কৰি আৰু ভক্তি ভাৱনাক জাগ্ৰত কৰি তেওঁ কৈলাশ পৰ্বতটোকে উঠাবলৈ ধৰিলে তাৰ ফলত কৈলাশ পৰ্বতটোত কঁপনি হ’ল আৰু মহাদেৱৰ ধ্যান ভঙ্গ হ’ল যাৰ বাবে মহাদেৱৰ প্ৰচণ্ড খঙ উঠিল আৰু তেওঁ নিজৰ ভৰিতো পৰ্বতত স্থিৰ কৰি দিলে তাৰ ফলত ৰাৱণৰ হাতৰ কিছু অংশ মহাদেৱৰ ভৰিৰ তলত সোমাই গ’ল আৰু অসহনীয় পীড়া হ’বলৈ ধৰিলে কিন্তু এনে অৱস্থাটো তেওঁ আৰাধ্যক প্ৰসন্ন কৰিবলৈ তাণ্ডৱ মন্ত্ৰ জোৰ জোৰকৈ উচ্চাৰণ কৰিবলৈ ধৰিলে ।ইয়াকে দেখি ভগৱান শংকৰ আচৰিত হ’ল যে কোনো সাধাৰণ মনুষ্যয়ে ইমান পীড়া সহ্য কৰিও মোক শান্ত কৰিবৰ বাবে চেষ্টা কৰিব নোৱাৰে। এওঁ সাধাৰণ মনুষ্য নহয়। তেওঁ দশানণৰ ওচৰলৈ আহিলে আৰু তেওঁৰ ভক্তিত সন্তুষ্ট হৈ তেওঁক “ৰাৱণ” নামেৰ বিভূষিত কৰিলে।
ত্ৰয়োদশতে, ৰাৱণে কৰিছিলে ভগৱান ৰামক সহায়। আমি জানো যে ৰাৱণে সীতাৰ হৰণ কৰিছিল যাৰ বাবে ৰামচন্দ্ৰয়ে তেওঁক বধ কৰিছিল। কিন্তু আপুনি জানেনে, এবাৰ প্ৰভু ৰামক ৰাৱণৰ সহায়ৰ প্ৰয়োজন হৈছিল। দৰাচলতে যেতিয়া ৰামচন্দ্ৰ নিজৰ বান্দৰ সেনাৰ সৈতে লংকা জয় কৰিবলৈ ৰামেশ্বৰমৰ সাগৰৰ পাৰ পালেগৈ তেতিয়া সমুদ্ৰত শিলেৰে সাঁকো নিৰ্মাণ কৰিবৰ বাবে ৰামচন্দ্ৰক ভগৱান শিৱৰ আৰ্শিৰবাদৰ প্ৰয়োজন হৈছিল । কিন্তু তেওঁ যেতিয়া গম পালে যে এই যজ্ঞ কৰিবলৈ কোনো সুয্যোগ্য আৰু পৰমজ্ঞানী পুৰুষৰ প্ৰয়োজন, তেতিয়া তেওঁ বিভীষণৰ আগ্ৰহ মৰ্মে ৰাৱণক যজ্ঞৰ পুৰোহিত হ’বৰ বাবে আহ্বান জনাইছিল। কিয়নো ৰাৱণ ভগৱান শিৱৰ পৰম ভক্ত আছিল। সেইবাবে তেওঁ ৰামৰ এই নিমন্ত্ৰণ স্বীকাৰ কৰিছিল। ৰাৱণে কেৱল সেই যজ্ঞ কৰিবলৈ অহায়েই নাছিল, যজ্ঞৰ শেষত তেওঁ প্ৰভু ৰামক আৰ্শীবাদো দিলে যে ,তেওঁ যি উদ্দেশ্য লৈ এই যজ্ঞ কৰিছে সেই উদ্দেশ্য পূৰ্ণ হওঁক। যদিও তেওঁ সেই উদ্দেশ্যৰ বিষয়ে সকলো জানিছিল যে শ্ৰীৰামে এই সাঁকোৰ নিৰ্মাণ তেওঁৰ লগত যুদ্ধ কৰাৰ উদ্দেশ্যেয়েই কৰিছিল।
চৰ্তুৰদশকতে দেৱৰাজ ইন্দ্ৰৰ কাৰণেই কুম্ভকৰ্ণই পাইছিল শুৱাৰ বৰদান । কুম্ভকৰ্ণ ৰাৱণৰ সৰু ভাই আছিল আৰু দেখিবলৈ বৰ ভয়ানক আছিল। ৰামায়ণৰত এইটো কথা উল্লেখ আছে যে কুম্ভকৰ্ণ ৬মাহ শুৱেই থাকে । আপোনালোকে জানেনে তেওঁ কি কাৰণে ৬মাহ শুৱেই থাকে ? ৰামায়ণত বৰ্ণিত কথা অনুসৰি এবাৰ কুম্ভকৰ্ণৰ তপস্যাত প্ৰসন্ন হৈ ব্ৰহ্মা প্ৰকট হ’ল আৰু তেওঁক বৰ খুজিবলৈ ক’লে। ইফালে দেৱৰাজ ইন্দ্ৰৰ ভয় লাগিবলৈ ধৰিলে কুম্ভকৰ্ণয়ে বৰদানত তেওঁৰ সিংহাসনখন খন খুজি নলয়তো? তেওঁ সৰস্বতী মাৰ বন্দনা কৰিলে আৰু তেওঁক অনুৰোধ কৰিলে যে তেওঁ, তেওঁৰ জিভাত গৈ বহি যাওঁক ,যাৰ বাবে তেওঁ ইন্দ্ৰাসনৰ সলনি নিদ্ৰাসন খুজি লয়। আৰু যেতিয়াই তেওঁ বৰ খুজিবৰ বাবে মুখ মেলিলে তেতিয়া সৰস্বতী দেৱী তেওঁৰ মুখত গৈ বহি গ’ল আৰু তেওঁ ইন্দ্ৰাসনৰ সলনি নিদ্ৰাসন খুজি পেলালে। এইদৰেই ব্ৰহ্মাই কুম্ভকৰ্ণক নিদ্ৰাসনৰ বৰ দিছিল।
পঞ্চদশকতে পঞ্চমুখী হনুমান। লংকাৰ যুদ্ধৰ সময়ত ৰাৱণৰ ভায়েক অৰ্হিৰাৱণে ৰাম আৰু লক্ষ্মণক অপহৰণ কৰি পাতাললৈ লৈ গৈছিল। তেওঁলোকক বিচাৰি হনুমানো পাতাল পালেগৈ। কিন্তু দ্বাৰত তেওঁ নিজৰ পুত্ৰ মকৰধ্বজৰ লগতেই যুদ্ধ কৰিব লগা হ’ল। তেওঁ পাতালৰ দ্বাৰত পহৰা দি আছিলে। নিজৰ পুত্ৰক হৰুওৱাৰ পাছত তেওঁ যেতিয়া পাতাল পালেগৈ তেতিয়া দেখিলে যে অৰ্হিৰাৱণৰ প্ৰাণ পাঁচ দিশত ৰাখি থোৱা দ্বীপত বা চাকিত আছে আৰু তেওঁক বধ কৰিবলৈ একেলগে সেই চাকি কেইগছ নুমাৱ লাগিব । সেই সময়তে হনুমানে তেওঁৰ পঞ্চমুখী ৰূপ ধাৰণ কৰিলে যত, এখন মুখ বৰাহৰ,এখন নৰসিংহৰ, এখন গৰুড়ৰ আৰু এখন হাগ্ৰৰ আৰু এখন তেওঁৰ নিজৰেই আছিলে।এই পঞ্চমুখী হনুমানৰ ৰূপে তেওঁ পাঁচ ঠাইৰ দ্বীপকক একেলগে নুমোৱাই দিলে আৰু তাৰপৰা ভগৱান ৰাম আৰু লক্ষ্মণৰ প্ৰাণ বচাই আনিলে। ৰামায়ণৰ এই কথাবোৰ সচাঁয়েই বৰ ৰহস্যময়ী।