বিগত ৯ বছৰে যৌন সুখৰ পৰা বঞ্চিত এইজন ২৭ বছৰীয়া যুৱক; কিন্তু কিয়?

0 min read

অৰ্গাজম বা ৰাগমোচন। এই শব্দটোৰ অৰ্থ হৈছে
যৌন উত্তেজনাৰ সৰ্বোচ্চ পৰ্য্যায়। এই সৰু শব্দটোত লুকাই আছে যৌনতাৰ চৰম সুখ, যিটো অক্ষয় সুখৰ মুহূৰ্তত সমগ্ৰ শৰীৰত বিয়পি পৰে। কিন্তু যোৱা ৯ বছৰে এই আনন্দৰ পৰা বঞ্চিত এজন ২৭ বছৰীয়া যুৱক। কিন্তু কিয়? কাৰণ তেওঁৰ অৰ্গাজমৰ এলাৰ্জী।

যুৱকজনে জনোৱা মতে অৰ্গাজমৰ পিছত তেওঁৰ শৰীৰত চৰ্দি, জ্বৰ হয়। মাজে মাজে গ্ৰন্থি ফুলাৰ সমস্যাও দেখা দিছিল। কি হৈছে জানিবলৈ বহু চিকিৎসকক যুৱকজনে দেখুৱাইছিল। তেওঁৰ ওপৰত বিভিন্ন পৰীক্ষাও কৰা হৈছিল। কিন্তু কোনো এটা পৰীক্ষাতে একো ধৰা পৰা নাছিল। আনকি যুৱকজনৰ অণ্ডকোষ পৰীক্ষা কৰিলেও এই ৰোগ ধৰা পৰা নাছিল। বহু পৰীক্ষাৰ অন্তত চিকিৎসকে পৰীক্ষামূলকভাৱে এলাৰ্জীৰ ঔষধ ব্যৱহাৰ কৰে। তাৰপাছত যুৱকজনৰ সমস্যা প্ৰায় নব্বৈ শতাংশ হ্ৰাস পায়।

ইয়াৰ পিছত চিকিৎসকৰ সন্দেহ হ’ল। যুৱকজনৰ এলাৰ্জীৰ পৰীক্ষা কৰা হয়। তেতিয়া গম পোৱা গৈছিল যে ২৭ বছৰীয়া যুৱকজনৰ অৰ্গাজমৰ এলাৰ্জী। এই বিৰল ৰোগৰ বাবে যোৱা ৯ বছৰে তেওঁ যৌন সুখৰ পৰা বঞ্চিত হয়।

You May Also Like

More From Author