ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীৰ চিত্ৰত-ভগৱান বিষ্ণু সাগৰৰ তলিত শ্ৰেচনাগৰ ওপৰত শুই থাকে আৰু মাতা লক্ষ্মীয়ে তেওঁৰ চৰণ পিটিকি থকা দেখা যায়। ( Religious Studies )
*ভগৱান বিষ্ণুৰ ভৰিৰ ফালে কিয় বহি থাকে দেৱী লক্ষ্মী!
দেৱী লক্ষ্মী হৈছে-ধনৰ দেৱী।কিন্তু তেওঁ ভগৱান বিষ্ণুৰ চৰণতে নিবাস কৰাৰ কাৰণ হৈছে যে-ভগৱান বিষ্ণু কৰ্ম আৰু পুৰুষাৰ্থৰ প্ৰতীক হয় আৰু মাতা লক্ষ্মী-তাতে নিবাস কৰে যত-যিয়ে বিপৰীত পৰিস্থিতিতো পাছলে নাহে আৰু কৰ্ম দ্বাৰা নিজৰ পুৰুষাৰ্থৰ বলত বিজয় প্ৰাপ্ত কৰে।যিদৰে ভগৱান বিষ্ণু।
*যেতিয়া অৰ্ধম বাঢ়ে-তেতিয়া ভগৱান বিষ্ণুৱে অৱতাৰ লৈ-অৰ্ধমিৰ নাশ কৰে আৰু কৰ্মৰ মহত্বক সকলোকে বুজাই।ইয়াৰ পোনপটীয়াকৈ অৰ্থ হৈছে-কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিলে লক্ষ্মী(ধন)পোৱা নাযায়।
ধন পাপ্তিৰ বাবে কৰ্মৰ আৱশ্যকতা হয়।লগতে প্ৰতিটো বিপৰীত পৰিস্থিতিৰ সন্মুখত থিয় হোৱাৰ সাহস থাকিব লাগে।তেতিয়া লক্ষ্মী আপোনাৰ ঘৰত নিবাস কৰিব। ( Religious Studies )
#ৰাধা আৰু শ্ৰী কৃষ্ণৰ প্ৰেমৰ মাজত ভক্তিৰস সদায়ে বিদ্যামান হৈ আছে।ৰাধা শ্ৰী কৃষ্ণৰ বাওঁপিনে থিয় হৈ থাকে আৰু মূৰটো সামান্য শ্ৰী কৃষ্ণৰ কান্ধলৈ হাউলি থাকে।ৰাধা কাষত থকাৰ বাবে শ্ৰী কৃষ্ণই ভুৱন ভোলোৱা সুৰত পৰম আনন্দত বাঁহী বজাব পাৰে।সেই ৰাধা শ্ৰী কৃষ্ণৰ জীৱনৰ পৰা আঁতৰি যোৱাৰ পাছত-শ্ৰী কৃষ্ণৰ সেই পৰম আনন্দময় কোনেও নেদেখা হল।ইয়াৰ অৰ্থ এয়ে যে-ভক্তৰ ভক্তিৰসে ভগৱানকো আনন্দিত কৰি ৰাখে।যিদৰে ভগৱান থািলেহে ভক্ত থাকে-সেইদৰে ভক্তই ভগৱানৰ মাহাত্ম উদ্ভাসিত কৰে।।
*মাতা সীতাক প্ৰভূ শ্ৰী ৰামচন্দ্ৰই কিয় এৰিব লগা হৈছিল?
*প্ৰভূ শ্ৰী ৰামচন্দ্ৰৰ ৰাজ্যই তেওঁৰ মিত্ৰ হয় আৰু ৰাজ্যই তেওঁৰ পৰিয়াল হয়।প্ৰজাৰ সুখে-প্ৰভূ ৰামচন্দ্ৰৰ সুখ হয়,আৰু সৰ্বপ্ৰথম ধৰ্ম হয়।এইবাবে প্ৰভূ ৰামচন্দ্ৰই নিজৰ ৰাজধৰ্ম পালন কৰি-দেৱী সীতাক এৰিব লগীয়া হৈছিল।