কম বয়সতে চুলি পকা কেনেকৈ ঘৰুৱাভাৱে দূৰ কৰিব?

0 min read

চুলিৰ সমস্যাসমূহৰ ভিতৰত অকালপক্বতা প্রধান৷ বয়স বঢ়াৰ লগে লগে চুলি পকাটো এটা স্বাভাৱিক ঘটনা৷ কিন্তু আজিকালি কম বসয়ীয়া লোকৰ ক্ষেত্রত চুলি পকা প্রায়ে দেখিবলৈ পোৱা যায়৷ চুলিত পর্যাপ্ত প্রটিনৰ অভাৱ হ’লে চুলি পকিবলৈ আৰম্ভ কৰে৷ পিগমেণ্ট কোষে চুলিৰ স্বাভাৱিক ৰং ধৰি ৰখাত সহায় কৰে, চুলিৰ পিগমেণ্ট কোষ মৰি গ’লে স্বাভাৱিক ৰং নাইকিয়া হয় আৰু পকবলৈ ধৰে৷ অকালপক্বতাই এজন লোকৰ ব্যক্তিত্বতো প্রভাৱ পেলায়৷ কোনো উৎৱস–পার্বণ, সমিতি, বিয়া–বাৰু আদিলৈ গ’লে চুলিত ৰং কৰিহে যাব লগাত পৰে৷ আকৌ, এনেদৰে ৰংবোৰত বিভিন্ন ধৰণৰ বিষাক্ত ৰাসায়নিক পদার্থ থাকে বাবে ইয়ে চুলিকোছাৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ ইয়াৰ পৰা পৰিত্রাণ পাবলৈ আমি ঘৰুৱাভাৱে কিছুমান উপায় অৱলম্বন কৰিব পাৰে৷

আমলখিৰ ৰসঃ চুলিৰ সমস্যাৰ ক্ষেত্রত আমলখিৰ বিকল্প একো নাই৷ আমলখি হৈছে চুলিৰ বাবে মহৌষধ৷ এই প্রাকৃতিক উপাদানবিধৰ ৰস বা গুৰি কৰি চুলিৰ গুৰিত লগাব লাগে৷ আমলখিৰ ৰসৰ সৈতে নাৰিকল তেলৰ মিশ্রণ চুলিত লগাই বিশ মিনিটমান পিছত ধুই দ্বি লাগে৷ সপ্তাহত কমেও ৪–৫ দিনমান লগালে চুলি সৰা বন্ধ হোৱাৰ লগতে উফিৰ সমস্যা দূৰ হয়৷

নেমুৰ ৰসঃ নেমুৰ ৰসৰ সৈতে নাৰিকল তেলৰ মিশ্রণ প্রতিদিনে চুলিৰ গুৰিত লগাই মালিচ কৰিব লাগে৷ ইয়াৰ ফলত চুলি স্বাভাৱিক ৰং ঠিকে থাকে, চুলি পকা বন্ধ হয়৷

বাদাম তেলঃ সপ্তাহত ৩–৪ দিন বাদামৰ তেল চুলিত লগালে চুলি উজ্জ্বল, মসৃণ হোৱাৰ লগতে চুলি পকা বন্ধ হয়৷ বজাৰত বিভিন্ন ধৰণৰ বাদাম তেল পোৱা যায় যদিও চুলিৰ পক্ষে উপকাৰী তেলতে ব্যৱহাৰ কৰিব লাগে৷

পিঁয়াজৰ ৰসঃ চুলিৰ বিভিন্ন ধৰণৰ সমস্যাত সকলোতকৈ কার্যকৰী উপাদানবিধ হ’ল পিঁয়াজৰ ৰস৷ এটা পাত্রত পিঁয়াজৰ ৰস উলিয়াই চুলিৰ গুৰিত লগাব লাগে৷ ২৫–৩০ মিনিটমান সময় ৰাখি পিছত ঠাণ্ডা পানীৰে ধুই দিব লাগে৷ এনে কৰিলে চুলি সৰা, চুলি পকাৰ উপৰি বিভিন্ন সমস্যাৰ পৰা ৰক্ষা পাব পাৰি৷

আনহাতে, পকা চুলিৰ সমস্যাৰ বাবে প্রতিদিনে ভিটামিন–বি, ভিটামিন–বি–১২, ভিটামিন–চি, ফলিক এচিড আদি বিশিষ্ট খাদ্য অকালপক্বতাৰ পৰা হাত সাৰিবলৈ নিয়মিতভাৱে খাব লাগে৷

You May Also Like

More From Author