মহিলা সকলে সেন্দুৰ লোৱাৰ আঁৰত লুকাই আছে এই ৰহস্য

1 min read

দেৱী পাৰ্বতী আৰু সীতায়ে ও শিৰত সেন্দুৰেৰে ভৰাই ৰাখিছিল। কোৱা হয় যে পাৰ্বতীয়ে নিজৰ স্বামীক বেয়া শক্তিৰ প্ৰভাৱৰ পৰা বচাবলৈ শিৰত সেন্দুৰ লৈছিল। 

সীতায়ে নিজৰ স্বামীৰ দীঘলীয়া আয়ুৰ কামনা তথা মনৰ সুখৰ বাবে সেন্দুৰ লৈছিল।  মহাভাৰতত দ্ৰৌপদীয়ে ঘৃণা আৰু নিৰাসতাত নিজৰ সেন্দুৰ মহাঁৰি পেলাইছিল

এক অন্য মান্যতা অনুসৰি লক্ষ্মীয়ে পৃথিৱীত পাচঁখন ঠাইত বসবাস কৰে।তাৰে এখন স্থান শিৰো। সেই কাৰণে বিবাহিতা মহিলাসকলে শিৰত সেন্দুৰ লয়। যাতে তেওঁলোকৰ ঘৰত লক্ষ্মীয়ে বাস কৰে আৰু ঘৰখন সুখ সমৃদ্ধিৰে ভৰি থাকে।

সেন্দুৰ লাগিলে পৌৰাণিক সময়ৰ পৰায়েই থাকক। কিন্তু তেতিয়াৰে পৰা আজিকালি আধুনিক যুগলৈকে ইয়াৰ সকলোতকৈ ডাঙৰ মহত্ব এগৰাকী মহিলাৰ বাবে তেওঁৰ স্বামীৰ দীঘলীয়া আয়ুসৰ কামনাৰে আৰু বিবাহিত বুলি চিহ্নিত কৰে।

যেতিয়া ছোৱালী এজনীৰ শিৰত সেন্দুৰে দি ভৰি পৰে , তেতিয়া তেওঁৰ এটা বেলেগ সামাজিকভাৱে পৰিচয় হৈ পৰে। সেন্দুৰ নাৰীসকলে বিয়াৰ পিছতহে প্ৰয়োগ কৰিব পাৰে। বিবাহ এক পবিত্ৰ বন্ধন।এই পবিত্ৰ বন্ধনত বান্ধ খোৱাৰ আগতে বহুত ৰীতি-নীতি কৰা হয়।ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ল সেন্দুৰ দান।

হিন্দু সমাজত যেতিয়া ছোৱালী এজনীৰ বিয়া হয়, তেতিয়া তেওঁৰ শিৰত সেন্দুৰ দিয়া হয়। এই সেন্দুৰ স্বামীয়ে দিয়ে। কিছুমান ঠাইত স্বামীৰ মাকে ও কইনাৰ শিৰত সেন্দুৰ দিয়ে। এনেদৰে যি পৰিচয় গঢ় লয় তাৰ সম্বন্ধ স্বামীৰ লগত হয়। মান্যতা অনুসৰি বিবাহিত মহিলায়ে যিমান দীঘলীয়াকৈ শিৰত সেন্দুৰ লয়, স্বামীৰ আয়ু ও সিমানেই দীঘলীয়া হয়। সেই কাৰণে বহুত মহিলাই শিৰ ভৰাই সেন্দুৰ লয়।

সেন্দুৰৰ সম্বন্ধ স্বামীৰ দীৰ্ঘ আয়ুৰ কামনা আৰু সুস্থ স্বাস্থ্যৰ লগতেই পত্নীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ লগতো আছে। শিৰত সেন্দুৰ দিয়া বা লোৱাৰ পাছত এগৰাকী মহিলাৰ নতুন এটা জীৱন আৰম্ভ হয়। এই নতুন জীৱনৰ লগত বহুত দায়িত্ব আৰু কৰ্তব্য পাই।
জীৱনৰ এই নতুন পৰ্যায়ত তেঁওলোকে সুখৰ লগতেই মানসিক চাপো পায়। কোৱা হয় যে সেন্দুৰে চাপো কম কৰে। ৰঙা ৰঙ শক্তি আৰু স্ব-স্ফূৰ্তিৰো প্ৰতীক। অৰ্থাৎ ইয়াৰ ফলত শক্তিৰ অনুভৱ হয়।

জ্যোতিষ শাস্ত্ৰৰ অনুসৰি মেষ ৰাশিৰ স্থান কপালত বুলি কোৱা হয়।যাৰ স্বামী মঙ্গল। মঙ্গলৰ ৰঙ সেন্দুৰীয়া। যাক শুভ বুলি গণ্য কৰা হয়। এই শুভতাৰ বাবেই মহিলাসকলে কপালত সেন্দুৰৰ ফুট লয়। ভগৱান হনুমানৰ পূজা সেন্দুৰে দি কৰা হয়।

তেওঁৰ শৰীৰত এই ৰঙা সেন্দুৰেই লগোৱা হয়। মন্দিৰত বহুত দেৱীক সেন্দুৰ দিয়া বা লগোৱা হয়। আমাৰ দেশত বহুত পৰ্ব আছে য’ত সেন্দুৰ দানৰ পৰম্পৰা আছে। ছট পূজা, নৱৰাত্ৰি, তীজ, কৰৱাচৌথ আদি পূজাত মহিলাসকলৰ শিৰত সেন্দুৰ দিয়া হয়।

ছট পূজাত মহিলাসকলে নাকৰ পৰা শিৰৰলৈকে দীঘলীয়াকৈ সেন্দুৰ লয়। কোৱা হয় যে ইয়াৰ ফলত স্বামীৰ আয়ু দীঘলীয়া হয় আৰু সুখ সমৃদ্ধি বাঢ়ে।ছট পূজাৰ পৰ্বত মহিলাসকলে হালধীয়া সেন্দুৰ লয়।

১. সেন্দুৰ কেনেকৈ তৈয়াৰ হয় – সেন্দুৰ দুটা ৰঙৰ আৰু দুই প্ৰকাৰৰ হয়।ৰঙা আৰু হালধীয়া সেন্দুৰ। এইসমূহ বেলেগ বেলেগ সময়ত উপয়োগ কৰা হয়। আজিকালি চিনথেটিক সেন্দুৰ বেছিকৈ পোৱা যায়। য’ত পাৰা বা চিচা থাকে।
ইয়াত চিনথেটিক ড্ৰাই আৰু ছালফেট মিলোৱা হয় ।যিটো শৰীৰৰ বাবে হানিকাৰক। ইয়াৰ ফলত চুলি সৰে, চালত পুৰনি উঠে। কেন্সাৰ দৰে বেমাৰ হ’ব পাৰে। ডাঙৰ, ডাঙৰ কোম্পানীবোৰে সেন্দুৰ আৰু কুমকুম বনাবলৈ যি ধাতু আৰু ৰাসায়নিক তত্বৰ ব্যৱহাৰ কৰে তাৰ বিষয়ে কেতিয়াও নকয়। ( Religious Studies )

আৰাৰৌথ, বগা পাথৰ, গিনাট আৰু তাত নকলি ৰঙা,হালধী বা নাৰেঙ্গী ৰঙ মিলাই চিনথেটিক সেন্দুৰ বনাই, বজাৰত বিক্ৰী কৰি দিয়ে। আনহাতে প্ৰাকৃতিক আৰু অৰ্গেনিক প্ৰক্ৰিয়াৰে তৈয়াৰ কৰা সেন্দুৰৰ একো কু-প্ৰভাৱ নাথাকে।এইয়া হালধি, ফিটকিৰি, সুহাগা, নেমুৰ ৰসেৰে ঘৰতো তৈয়াৰ কৰা হয়। আজিকালি তৰল অৰ্থাৎ লিকুইট সেন্দুৰো উলাবলৈ ধৰিছে।

২. ৰঙা বা হালধীয়া সেন্দুৰ – সেন্দুৰ দান এটা পৰম্পৰা।এক বিশ্বাস,এক পৰিচয় আৰু পত্নীৰ কামনাৰ অভিভূতি ও কোৱা হয় । সতী আৰু পাৰ্বতীৰ শক্তিৰ উৰ্জা ৰঙা ৰঙৰ পৰা উলাইছে। সেই কাৰণে বেছিভাগ মহিলায়ে ৰঙা ৰঙৰ সেন্দুৰ লয়।

কিছুমান ঠাইত বিয়াত হালধীয়া ৰঙৰ সেন্দুৰ দিয়া হয়। ছট পূজাত হালধীয়া ৰঙৰ সেন্দুৰ ব্যৱহাৰ কৰা হয়।এই পৰ্বত মহিলাসকলে দীঘলীয়াকৈ সেন্দুৰ লয়। নৱৰাত্ৰিৰ শেষৰ দিনা মহিলাসকলে দেৱী দূৰ্গাক সেন্দুৰ লগাই। ইয়াক সেন্দুৰ খেল বুলি কোৱা হয়।

কিছু সময়ৰ আগৰলৈকে বহুদিনীয়া পুৰণি এই পৰম্পৰাত কেৱল বিবাহিত মহিলাসকলেহে ভাগ লৈছিল। য’ত ৰঙা ৰঙৰ শাৰী পিন্ধি মূৰত এজনীয়ে আনজনীক সেন্দুৰ লগাইছিল। কিন্তু আজিকালি এই সেন্দুৰৰ খেলত সকলো মহিলায়েই অংশগ্ৰহণ কৰে।

সেন্দুৰৰ খেল মহিলাসকলৰ সামাজিক পৰিচয়ৰ লগত জড়িত। অকমান সেন্দুৰৰ মূল্য কোনেও নাজানে। কাৰণ অকমান সেন্দুৰ মহিলাসকলৰ বাস্তৱত পৰিণত হোৱা এটা সপোন। এক শক্তি, বিশ্বাস, পৰম্পৰা আৰু সুভাগ্য। সকলোতকৈ গুৰুত্বপূৰ্ণ হ’ল ই মহিলাসকলৰ এক পৰিচয় আৰু এক সন্মান।

৩. বৈজ্ঞানিক মহত্ব – পৌৰাণিক আৰু ধাৰ্মিক মান্যতা উপৰিও কিছুমান অন্য মান্যতা ও আছে। যাৰ আধাৰত সেন্দুৰৰ প্ৰচলন বহুদিনৰ আগৰে পৰা হৈ আছে। ইয়াৰ সম্বন্ধ মন আৰু শৰীৰৰ লগত আছে।

শৰীৰৰ যি অংশত অৰ্থাৎ শিৰত সেন্দুৰ লগোৱা হয় , সেই অংশ বহুত কোমল।এই স্থানক ব্ৰহ্মৰন্ধ বুলি কোৱা হয়। সেন্দুৰত পাৰা থাকে। যিয়ে এটা দৰবৰ দৰে কাম কৰে।ই ৰক্তচাপ অৰ্থাৎ ব্লাড পেচাৰক নিয়ন্ত্ৰণ কৰি ৰাখে। যাৰ ফলত চাপ আৰু অনিদ্ৰা নাইকীয়া হৈ পৰে। লগতে ই চেহেৰাত চাপ পৰিবলৈ নিদিয়ে।

৪. বাস্তু -শাস্ত্ৰৰ অনুসৰি সেন্দুৰ – আপোনালোকে দেখিছে চাগে কিছুমান মানুহে নিজৰ ঘৰৰ দুৱাৰত সৰিয়হৰ তেল আৰু সেন্দুৰৰ তিলক লগাই। বিশেষকৈ দীৱালিৰ দিনা সৰিয়হৰ তেল আৰু সেন্দুৰৰ লগাই।

আপুনি জানেনে ইয়াৰ পিছৰ কাৰণ কি। বাস্তু বিজ্ঞানৰ অনুসৰি দৰ্জাত তেল আৰু সেন্দুৰ লগালে ঘৰলৈ নাকাৰাত্মক উৰ্জায়ে প্ৰৱেশ নকৰে।

ই ঘৰত থকা বাস্তু দোষ নাইকীয়া কৰে। বৈজ্ঞানিক সকলৰ মতে দৰ্জাত তেল লগালে দৰ্জা বহুত দিন ভাল হৈ থাকে। সেই কাৰণে দৰ্জাত সেন্দুৰ লগোৱা পৰম্পৰা আছে।

You May Also Like

More From Author