শ্ৰীকৃষ্ণই পঞ্চপাণ্ডৱৰ আগত কলিযুগৰ ভবিষ্যৎবাণী কৰিছিল এনেদৰে

1 min read

যেতিয়া মহাভাৰতৰ যু্দ্ধ সমাপ্ত হ’ল। পাণ্ডৱৰ জয় হ’ল, কৌৰৱৰ পৰাজয়। ভগৱান শ্রীকৃষ্ণই জ্যেষ্ঠ পঞ্চপাণ্ডৱৰ জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰক ক’লে— ( Religious Studies )

কৃষ্ণ : “ধৰ্মৰাজ..! যুদ্ধৰ অন্ত পৰিল। ধৰ্মৰ জয় হ’ল, অধৰ্মৰ বিনাশ হ’ল। এতিয়া আপোনালোকে ৰাজ-অভিষেকৰ আয়োজন কৰক…!”
যুধিষ্ঠিৰ : “বাসুদেৱ! যুদ্ধত আত্মীয়-সজ্জন, মিত্র-বৈৰী, অনেক ক্ষত্রিয়ৰ প্রাণ নাশ হ’ল। মোৰ মনত বৈৰাগ্য ভাৱ হে জাগি উঠিছে। মই ভাৱিছো আগতে গঙ্গা স্নান আৰু তীর্থ ভ্রমণ কৰি আহো, তাৰ পিছত মন পৱিত্র কৰি ৰাজ-অভিষেক কৰিম। ৰাজ্য শাসনৰ দায়িত্ব লম।”

ভগৱান শ্রীকৃষ্ণই হাঁহিলে আৰু ক’লে— “তেন্তে আপুনি শান্তিৰে ৰাজ্য শাসন কৰিব নোৱাৰিব! কাৰণ কলিযুগ আৰম্ভ হৈছে।”
“আপোনালোক পাঁচ ভাতৃ আজি পাঁচ দিশত অলপ ফুৰিবলৈ যাওঁক আৰু কি কি আচৰিত আচৰিত ঘটনা দেখা পায় মোক কবহি। মই বুজাই দিম।”

পঞ্চ ভাতৃ শ্ৰীকৃষ্ণৰ কথা মানি পাঁচ দিশে ফুৰিবলৈ গৈ সচাইঁ কিছুমান আচৰিত আচৰিত ঘটনা দেখা পালে। সন্ধিয়া পঞ্চপাণ্ডৱ আহি ভগৱান শ্ৰীকৃষ্ণক জনোৱাত শ্ৰীকৃষ্ণই তাৰ কাৰণ সমূহ বুজাই দিলে।
ধৰ্মৰাজ_যুধিষ্ঠিৰে_দেখা_পাইছিল— দুডাল শুৰ থকা এটা হাতীয়ে হাবিত গছৰ পাত খাই থকাৰ দৃশ্য।

শ্ৰীকৃষ্ণৰ মতে ইয়াৰ ৰহস্য— কলিযুগত দুই ফালৰ পৰা শোষণ কৰা শাসকৰ ৰাজত্ব চলিব…।

গদাধৰ_ভীমে_দেখা_পাইছিল— গাই এজনীয়ে নৱজাত পোৱালি এটাক জিভাৰে চেলেকি চেলেকি থকাৰ দৃশ্য। পোৱালিটোৰ গাৰ চাল, মাংস এৰাই তেজ বাহিৰ হৈ গৈছিল, তথাপিও মাকে চেলেকিবলৈ এৰা নাছিল !

শ্ৰীকৃষ্ণৰ মতে ইয়াৰ ৰহস্য— কলিযুগত পিতৃ-মাতৃ সকল অধিক পুত্র পৰিবাৰৰ মোহত অন্ধ হৈ ল’ৰা-ছোৱালীক ইমান চেনেহ কৰিব, সিহঁতক নিজৰ ভৰিত ঠিয় হ’ব পৰাকৈ আত্মবিশ্বাস গোটাবলৈ অকলে এৰিয়ে নিদিব। ( Religious Studies )
ধনুৰ্বিদ_অৰ্জুণে_দেখা_পাইছিল— এটা পক্ষী। পক্ষীটোৰ পাখিবোৰত লিখা আছিল বেদৰ মন্ত্র আৰু ধৰ্মৰ বাণী। কিন্তু পক্ষীটোৱে মৰাশ’ৰ মাংস খাই আছিল!
ভগৱান কৃষ্ণৰ মতে— কলিযুগত ব্রাহ্মণ, ভকত, বৈষ্ণৱ সকলে মুখত ধৰ্ম, নীতি, নিয়ম আৰু শাস্ত্রৰ কথা ক’ব। কিন্তু মদ-মাংস ভক্ষন কৰিব আৰু অনৈতিক কাম কৰিব।

সহদেৱে_দেখিছিল— এঠাইত প্ৰায় ৫টা কুৱা। চাৰিও কাষৰ কুৱাবোৰ পানীৰে উপচি আছিল, কিন্তু মাজত থকা কুৱাটো পানী নোহোৱাত শুকাই আছিল।
ভগৱান শ্ৰীকৃষ্ণৰ মতে ইয়াৰ ৰহস্য— কলিযুগত ধনী মানুহে বিবাহ, শ্ৰাদ্ধ, উৎসৱ আৰু লাহ-বিলাহত হাজাৰ হাজাৰ টকা অনর্থক খৰচ কৰিব কিন্তু কাষৰ দুখীয়া, অভাৱী, নিঃকিন, নিচলাজনক এটকা দিও সহায় নকৰিব।

নকুলে_দেখিছিল— পর্বতৰ ওপৰৰ পৰা ডাঙৰ শিল এটা বাগৰি আহিছে। শিলটো বাগৰি আহি ডাঙৰ গছ, শিলত ঠেকা খাইও নৰ’ল। কিন্ত সাধাৰণ বন এডালত ঠেকা খাই ৰৈ গ’ল।

কৃষ্ণৰ মতে ইয়াৰ ৰহস্য— কলিৰ মানৱে ধন, সম্পত্তি, ঐশ্বর্য্য, বিভুতি বহুত ভোগ কৰিব। কিন্তু এইবোৰে মানুহক বচাব নোৱাৰিব। সাধাৰণ তৃণ যেন লগা মানুহৰ সেৱাইহে মানুহক মুক্তি দিব…।

উৎস : ফেচবুক

You May Also Like

More From Author