বাস্তু শাস্ত্ৰ অনুসাৰে-অখণ্ড জ্যোতিৰ বাবে উচিত দিশ আৰু জ্ঞানৰ থকাটো প্ৰয়োজন।ইয়াৰ অভাৱৰ দ্ধাৰা পূজাৰ পৰ্যাপ্ত ফল পোৱা নাযায়।
বাস্তু শাস্ত্ৰ অনুসাৰে-অখণ্ড জ্যোতিৰ স্হাপনা সদায়ে আগ্নেয় কোণ অৰ্থাৎ দক্ষিণ-পূৱ দিশত কৰাটো শুভ মনা হয়।এই দিশে অখণ্ড জ্যোতি জ্বলালে বাস্তু দোষ দূৰ হয়।ঘৰলৈ সুখ-শান্তি আহে আৰু শক্ৰ পৰাস্ত হয়।ইয়াৰ বাহিৰেও নৱৰাত্ৰিৰ পূজাৰ সামগ্ৰী এই দিশতে ৰাখিব লাগে।
অখণ্ড জ্যোতি প্ৰজলিত কৰাৰ নিয়ম-
যি ঘৰত অখণ্ড জ্যোতি প্ৰজলিত কৰা হয়-তাত ব্ৰহ্মাচাৰ্য পালন কৰিব লাগে।এনেতে ভুলটো মাছ-মাংস,মাদক দ্ৰৱ্য,সেৱন কৰিব নালাগে।সাত্বিক আহাৰ সেৱন কৰিব লাগে।
কোন ঠাইত ৰাখিব লাগে-দীপ!
অখণ্ড জ্যোতি সদায়ে দেৱীৰ মূৰ্তিৰ সোঁ-ফালে ৰাখিব লাগে।ইচ্ছা অনুসাৰে-তেলৰ বা ঘীউৰ দীপক জ্বলাব পাৰে।অখণ্ড জ্যোতিৰ প্ৰজলিত কৰোঁতে-
“দীপম ঘৃত দক্ষে,তেল য়ুত:চ বামত:” মন্ত্ৰৰ জাপ কৰিব লাগে। ( Religious Studies )
দীপ নুমাই যোৱাটো অশুভ-
অখণ্ড জ্যোতি কেতিয়াও নুমাব নালাগে।এয়া অশুভ মনা হয়।অখণ্ড জ্যোতিক নুমুৱাৰ পৰা ৰক্ষা কৰিবলৈ জালী থকা বৰ্তনৰো ব্যৱহাৰ কৰে।যাতে সেৱা বতাহ লাগি নুমাই নাযায়।
দেৱী স্থান খালী কৰি নাৰাখিব-
দেৱীৰ কাষত প্ৰজলিত অখণ্ড জ্যোতিক অকলে এৰিব নালাগে।ইয়াৰ কাষত সদায়ে ঘৰৰ কোনো সদস্য থাকিব লাগে।আৰু চফা-চিকুণতাটো বিশেষ মন দিব লাগে।