ভগৱানৰ পূজা দুই প্ৰকাৰে কৰা হয়-এবিধ হ’ল শাৰিৰীক পূজা। আমাৰ সকলোৰে ঘৰত ভগৱান গোপালৰ মূৰ্ত্তি আছে ।যাৰ ঘৰত নাই লৈ আহক কাৰণ যাৰ ঘৰত ভগৱানৰ মূৰ্ত্তি , তুলসীৰ পুলি নাই সেই ঘৰখন শ্মষানৰ দৰে। সেই ঘৰত থকা আনকি পানী খোৱাও পাপ ।প্ৰথমে আমি শাৰিৰীক ভাৱে ভগৱানৰ পূজা কিদৰে কৰিম তাক জানো আহঁক- ৰাতিপুৱা সূৰ্য উদয় নহ’ওতেই উঠিব লাগে আৰু প্ৰথমে বিছনাতে বহি দুয়োখন হাত ঘৰ্ষণ কৰি আপোনাৰ ইষ্টদেৱতাক চোৱাৰ প্ৰয়াস কৰক। তাৰ পাছতহে বেলেগ কথা চিন্তা কৰিব ।
প্ৰত্যেক দিনাই চাৰি গিলাছ পানী খাওঁক,তামৰ পাত্ৰত পানী খালে ভাল, ৰাতি শুৱাৰ সময়ত তামৰ পাত্ৰত পানী থৈ সেই পানী ৰাতিপুৱা সেৱন কৰা স্বাস্থ্যৰ পক্ষে উত্তম। সদায় এশ খোজ ,কঢ়াৰ চেষ্টা কৰক আৰু নিত্য কৰ্ম কৰাৰ পাছত স্নান কৰক, স্নান কৰাতো প্ৰত্যেক দিনাৰ এক মহত্বপূৰ্ণ কাম ।স্নান কৰাৰ পাছত চাফা বস্ত্ৰ পৰিধান কৰি পোন প্ৰথমে সূৰ্য দেৱতাক প্ৰনাম জনাওক।
যিদৰে আমাৰ ঘৰত বিদ্যুৎ জ্বলোৱাৰ বাবে আমি বিল দিব লাগে সেইদৰে সূৰ্য দেৱতাৰ জৰিয়তে আমি এই সুন্দৰ পৃথিৱীখনৰ সকলো বস্তু দেখা পাওঁ সূৰ্যৰ পোহৰ বাবেই কৃষকে শস্য উৎপাদন কৰিব পাৰে তাৰোপৰি আমি ডি -ভিটামিনো ইয়াৰ প্ৰায়ে পাওঁ , গতিকে আমি তেওঁক এঘটি পানীৰে সন্মান জনোৱা আমাৰ কাৰ্যৰ এক অংগ । এইদৰে আমি ভগৱানক কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰিম।
তাৰ পাছত নিজৰ আসনত বহি মালা জাপ কৰক আৰু এখন থাল লৈ তাত এটা ষ্টাৰ অংকন কৰক আৰু সোঁ -মাজত ওঁম লিখি তাৰ চাৰিওফালে নাৰায়ণা য়ে নমঃ বুলি লিখি চাৰিওফালে তুলসী পাত ৰাখি তাত ভগৱানৰ মূৰ্ত্তি স্থাপন কৰক আৰু স্নান কৰাওঁক। তাৰ পাছত শুভ্ৰ চাফা বস্ত্ৰৰে শৃংগাৰ কৰক আৰু লগতে ভোগ লগাই কৰজোৰে প্ৰাৰ্থনা জনায় কওঁক হে ভগৱান মোক তোমাৰ চৰণত স্থান দিয়া, তোমাৰ চিন্তাতে মগ্ন হৈ থাকিবলৈ মোক শক্তি প্ৰদান কৰা, শুদ্ধ বিচাৰ কৰিবলৈ শক্তি প্ৰদান কৰা। এইয়ায়েই হৈছে শাৰিৰীক পূজা।
আনবিধ পূজা হৈছে মানসিক পূজা য’ত ভগৱানক প্ৰত্যক্ষ দৰ্শন কৰিব পাৰি, মনৰ মাজতে ভাবক যে আপুনি ভগৱানৰ সন্মুখত কৈ আছে হে ভগৱান মোক তোমাৰ চৰণত স্বীকাৰ কৰা, তোমাৰ চৰণত স্থান দিয়া, তোমাৰ চিন্তাতে মগ্ন হৈ থাকিবলৈ শক্তি প্ৰদান কৰা আৰু ভাবক যে এই কথাখিনি আপুনি ভগৱানৰ সন্মুখত কৈ আছে।ডাঙৰ ডাঙৰ ঋষি মুনি সকলে এইদৰেই ভগৱানক প্ৰত্যক্ষ দৰ্শন কৰিব পাৰে। এইয়ায়েই হৈছে মানসিক পূজা য’ত ভগৱান লগত বিলিন হৈ যাব পাৰি ।