শিৱসাগৰ পৰা গৰু চূৰ কৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ সৰবৰাহ কৰিবলৈ লওতেই আঠখেল বাগিচাৰ বাগান চকিদাৰে ধৰি চমজাই দিয়ে গেলেকী আৰক্ষীক ।
গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত আঠখেল সীমান্তৰ পৰা আটক কৰে অবৈধ গৰু সৰবৰাহকাৰী তিনিটাক।
অবৈধ গৰু সৰবৰাহ ৩ জন হৈছে
গেলেকী চপৰিয়া গাঁৱৰ পাপু ওৰফে জয়নুল আলি , একে গাঁৱৰেআমানুল হুছেইন আৰু আনটো ডিমৌ নিতাই পুখুৰীৰ চহিদুৰ আলি।
আজি পুৱা প্ৰায় ৪ মান বজাত আঠখেল বাগানৰ পৰা
গ্ৰেপ্তাৰ কৰে তিনিওজনক।
ইতিমধ্যে আৰক্ষীয়ে তিনি সৰবৰাহকাৰীক c/no-10/24 U/S 379/34 ধাৰাত জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।