ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা । ৰেলপথত উদ্ধাৰ অৱসৰী শিক্ষকৰ মৃতদেহ । ৰঙিয়াৰ বৰলীয়া নৈৰ ওপৰত থকা ৰেলৰ দলঙৰ সমীপত উদ্ধাৰ হোৱা শিক্ষক জন হৈছে প্ৰমোদ কলিতা (৬২)। ৰঙিয়া আৰিমত্ত বিদ্যাপীঠৰ পৰা অৱসৰ লোৱা কৃতি শিক্ষক প্ৰমোদ কলিতাৰ ঘৰ ৰঙিয়াৰ ৫নং ৱাৰ্ডত । মূৰ ,ভৰিত আঘাত প্ৰাপ্ত শিক্ষক জনৰ মৃতদেহ ৰঙিয়া জিআৰপিয়ে নিশা থানালৈ লৈ আহে । কৃতি শিক্ষক তথা বিশিষ্ট সমাজ কৰ্মীজনৰ মৃত্যু ৰেল পথ পাৰ হওতেই হ’লনে , নে আত্মহত্যা কৰিলে সেয়া অদ্যাপি নিশ্চিত তথ্য লাভ কৰিব পৰা নাই ।ৰেল আৰক্ষীয়ে দুৰ্ঘটনাটোক আত্মহত্যাৰ সন্দেহ প্ৰকাশ কৰিছে । অসম সাহিত্য সভাৰ অন্যতম শাখা ৰঙিয়া আলোচনী সভাৰ প্ৰাক্তন সম্পাদক প্ৰমোদ কলিতাৰ মৃত্যুত ৰঙিয়াৰ বিভিন্ন দল -সংগঠন তথা আৰিমত্ত বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে শোক প্ৰকাশ কৰিছে । মৃত্যুৰ সময়ত বিশিষ্ট লোকজনে পত্নীৰ লগতে একমাত্ৰ কন্যাক এৰি থৈ যায় ।
ৰঙিয়াত ৰেল দুৰ্ঘটনা,শিক্ষকৰ মৃত্যু
Posted on by GTM Desk
![](https://guwahatitimes.com/wp-content/uploads/2023/02/guwahati-times-21.jpg)
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025