৬ মাহ পূৰ্বে ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰিয়লীনাই চিনাকী হৈছিল জামুগুৰিহাটৰ পংকজ নাথৰ সৈতে৷ সেই চিনাকী লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হৈছিল।
‘‘প্ৰিয়লীনা এগৰাকী সাহসী ছোৱালী। তাই কেতিয়াও তেনে কৰিব নোৱাৰে। তাই ইউটিউবক লৈ যথেষ্ট সপোন দেখিছিল। তাইক হত্যা কৰা হৈছে।’’ – এই ভাষ্য প্ৰিয়লীনাৰ এগৰাকী বান্ধবীৰ।
কান্দি কান্দি প্ৰিয়লীনাৰ মৃত্যুৰ উচিত ন্যায় দাবী কৰে বান্ধৱীগৰাকীয়ে। যুৱতীগৰাকীয়ে কয়, ‘তাই ৰাইড কৰি ভাল পাইছিল৷ ৰাইড কৰি দেৰিকৈ ঘৰলৈ ওভতাৰ বাবে তাইক ঘৰত বেয়া পাইছিল । কিছু কথাত কাজিয়া হৈছিল তাইৰ পংকজৰ সৈতে।’