ঘৰৰ কাম কৰি থাকোঁতে জিৰণি লোৱা নহয়। অফিচৰ কামো সময়মতেই কৰিব লাগে। ৰাতি শুই থাকোতেও জাগি থকাৰ দৰে হয়। ফলত পিছদিনা পুৱা ভাগৰুৱা হুলস্থুল আদিয়ে অশান্ত কৰি তোলে। কৰ্মক্ষেত্ৰত কৰা ভুলৰ বাবে প্ৰায় সকলোৱেই নিজৰ ব্যস্ত জীৱনত মানসিক চাপত ভুগি থাকে। কিন্তু সকলোৱে এই সমস্যাৰ পৰা ওলাই অহাৰ পথ বিচাৰি থাকে বা আছে। বন্ধু বা আপোনজনেই হওক ইজনে সিজনৰ প্ৰতি মৰম আৰু প্ৰেম প্ৰকাশ কৰাৰ অন্যতম উপায় হ’ল আলিংগন। এক গৱেষণাৰ পৰা পোৱা গৈছে যে আকৰ্ষণেই আৱেগ প্ৰকাশৰ একমাত্ৰ উপায় নহয়। ইয়াৰ জৰিয়তে মগজুৰ পৰা একপ্ৰকাৰৰ হৰম’ন নিৰ্গত হয়, যিয়ে শাৰীৰিক আৰু মানসিক বিকাশত বহু দিশত সহায় কৰে। কেৱল সেয়াই নহয়, মানসিক চাপ কমোৱাৰ বাবে কৰক আলিংগন! বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে আলিংগন কৰিলে ব্যক্তিৰ মানসিক স্বাস্থ্যৰ উন্নতি সাধন হয়। আলিংগনে অক্সিট’চিন হৰম’ন নিৰ্গত কৰে, যিয়ে মগজুক শান্ত কৰে। অধ্যয়নত দেখা গৈছে যে ১০ ছেকেণ্ড বা তাতকৈ অধিক সময় আলিংগন কৰিলে মনৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে। বিশেষকৈ ঘনিষ্ঠ বন্ধু বা আপোনজনৰ পৰা আলিংগনে মনত শান্তি আনে। আলিংগনৰ পৰা পোৱা সুফল এনেধৰণৰ- আলিংগনে মানসিক চাপ সোনকালে হ্ৰাস কৰাত সহায় কৰে। হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও আলিংগন গুৰুত্বপূৰ্ণ। আলিংগন কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে, হৃদস্পন্দনো নিয়ন্ত্ৰণত থাকে। আলিংগনৰ অভ্যাসে হতাশা দূৰ কৰাত সহায় কৰে। ইয়ে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। অজ্ঞাত কাৰণত প্ৰায়ে উদ্বিগ্নতা বৃদ্ধি পায়। আলিংগনৰ অভ্যাসে ভয় কমোৱাতো সহায় কৰে। ভাল মেজাজ বজাই ৰখাটো অতি উপকাৰী।
চাপযুক্ত জীৱনৰ পৰা উপশমৰ উপায় আপোনজনৰে আলিংগন
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025