সনাতন ধৰ্মত মহাশিৱৰাত্ৰিৰ অতি গুৰুত্ব আছে। এই দিনটোত ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীক বিশেষভাৱে পূজা কৰা হয়। ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। এইবাৰ মহাশিৱৰাত্ৰি ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰীত পৰিছে। এই দিনটোত সুখ-সমৃদ্ধি, সৌভাগ্য লাভ কৰিবলৈ মহাদেৱৰ আৰাধনা কৰা হয়। ইয়াৰ দ্বাৰা জীৱনৰ সকলো দুখ দূৰ হয়।
জ্যোতিষৰ মতে ২০২৩ চনৰ মহাশিৱৰাত্ৰি ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰীত পৰিছে। ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথি ১৭ ফেব্ৰুৱাৰীৰ নিশা ৮:০২ বজাৰ পৰা আৰম্ভ হ’ব আৰু ১৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৪:১৮ বজালৈকে চলিব। উদয়তিথিৰ মতে, ১৮ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি পালন কৰা হ’ব। ইয়াত ১৮ আৰু ১৯ ফেব্ৰুৱাৰীৰ মাজনিশা ১২.১৬ৰ পৰা ১.৬ মিনিটলৈ নিশিত কাল পূজা মুহূৰ্ত হ’ব। আনহাতে, ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৬.৫৭ বজাৰ পৰা বিয়লি ৩.৩৩ বজালৈ মহাশিৱৰাত্ৰিৰ ব্ৰতৰ পৰাণ মুহূৰ্ত।
মহাশিৱৰাত্ৰিৰ দিনা সম্পূৰ্ণ ভক্তিৰে কৰা প্ৰাৰ্থনা নিশ্চিতভাৱে মহাদেৱে গ্ৰহণ কৰে। সেইবাবেই এই দিনটোত ভগৱান ভোলেনাথক নিয়ম-নীতি অনুসৰি পূজা কৰিব লাগে। ইয়াৰ লগতে মহাশিৱৰাত্ৰিত ব্ৰতো পালন কৰিব লাগে। ইয়াৰ বাবে পুৱা সোনকালে উঠি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি ভগৱানৰ সন্মুখত হাতযোৰ কৰি মহাশিৱৰাত্ৰিৰ ব্ৰতৰ প্ৰতিজ্ঞা লওক। ইয়াৰ পিছত শিৱ মন্দিৰলৈ গৈ শিৱলিংগত অভিষেক কৰক, পূজা কৰক।
যদি আপুনি ঘৰতে পূজা কৰি আছে তেন্তে নিয়ম-নীতি অনুসৰি শুভ সময়ত পূজা কৰক। ইয়াৰ বাবে পূজাস্থলী পৰিষ্কাৰ কৰক। গংগাজলৰ সৈতে সেই ঠাইখন পবিত্ৰ কৰক। শিৱলিংগক পঞ্চমৃতেৰে অভিষেক কৰক। বেলপাত, ফুল, দীপ আৰু অক্ষতৰে ভগৱান শিৱক পূজা কৰক। ফল-মূল আৰু মিঠাইৰ ভোগ আগবঢ়াওক শিৱ চালিছা পঢ়ক। পূজাৰ পিছত প্ৰসাদ বিতৰণ কৰক।