এই উপায়েৰে ধূমপানৰ অভ্যাস আঁতৰাব পৰা যায়

0 min read

ধুমপানৰ বাবে প্ৰতি বছৰে সমগ্ৰ বিশ্বত প্ৰায় ৭ নিযুত লোক মৃত্যুমুখত পৰে৷ নিয়মিত ধূমপানৰ অভ্যাসে মুখ, ডিঙি আৰু অগ্নাশয়ত কেন্সাৰৰ আশংকা বঢ়ায়৷ বহুতে ধূমপান ত্যাগৰ কথা ভাবে যদিও সেয়া সম্ভৱ হৈ নুঠে৷ পিছে ধূমপান ত্যাগ কৰাৰ কেইটামান আয়ুৰ্বেদিক টিপ্‌ছ আছে৷ উল্লেখ কৰা হ’ল এনে কেইটামান আয়ুৰ্বেদিক টিপ্‌ছ–

[১] যেতিয়াই ধূমপান বা চিগাৰেট হুপিবলৈ মন যায়, তেতিয়াই জোৱাইনৰ সৈতে নেমুৰ ৰস মিহলাই চোবাওক৷

[২] চিগাৰেট এৰাৰ পূৰ্বে কেফেইন, এলক’হল আৰু চেনি খোৱাৰ অভ্যাস এৰক৷

[৩] ধূমপান কৰাসকলে ফলমূল খাব লাগে৷ বিশেষকৈ আপেল, গাজৰ, কল, তিয়ঁহ আদিৰ দৰে ফল খোৱাটো জৰুৰী৷

[৪] গাখীৰ, ঘিউ আৰু সতেজ খাদ্যৰ লগতে নিৰামিষ জাতীয় আহাৰৰ পৰিমাণ বৃদ্ধি কৰাটো জৰুৰী৷

[৫] প্ৰচেছড ফুড বা পেকেটজাত খাদ্য খোৱাটো বন্ধ কৰক৷ লগতে জ্বলা আৰু মছলাযুক্ত খাদ্য গ্ৰহণৰ অভ্যাস ত্যাগ কৰক৷

[৬] ধূমপান কৰা বন্ধুৰ পৰা অন্ততঃ এমাহ আঁতৰত থাকক৷ এই অভ্যাসে ধূমপানৰ প্ৰতি হোৱা আসক্তি কমাই আনিব৷

[৭] যেতিয়াই ধূমপান কৰিবলৈ মন যায়, তেতিয়াই পছন্দৰ কামত নিজকে ব্যস্ত ৰাখক৷

You May Also Like

More From Author