টীয়কৰ জাঁজীমুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়কৰ আঞ্চলিকৰ মধ্যকালীন অধিবেশন অনুষ্ঠিত

0 min read

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জাঁজীমুখ শাখা সমিতিৰ উদ্যোগত টীয়ক আঞ্চলিক সমিতিৰ মধ্যকালীন অধিবেশনৰ সম্বৰ্ধনা অনুষ্ঠান আৰু প্ৰতিনিধি সভা আজি টীয়কৰ জাঁজীমুখৰ ১২৫ নং ভকত গাঁও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱাই আতধৰা এই অধিবেশনৰ সম্বৰ্ধনা সভাত জ্যেষ্ঠ সাংবাদিক নৱজ্যোতি বৰুৱা,টীয়কৰ বিশিষ্ট ব্যৱসায়ী তুলসী দাস,কামাখ্যা লাল চন্দক,যুৱ নাট্যকাৰ তাপস তৰুণ শইকীয়া,আদৰ্শ কৃষক নৱনিধি গগৈ,যুৱ সাংবাদিক পাৰ্থ হাজৰিকা,স্থানীয় মহিলা দিপালী বৰাক তেওঁলোকৰ নিজ নিজ কৰ্মক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়।ইপিনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতা,সদৌ অসম ছাত্ৰ সন্থাৰ জিলাৰ সহকাৰী সম্পাদক ৰন্টু ভুঞা,সাংস্কৃতিক কৰ্মী বিমান শইকীয়া,টীয়ক প্ৰেছ ক্লাৱৰ সম্পাদক দিগন্ত হাজৰিকাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।লগতে সম্বৰ্ধিত ব্যক্তিসকলে বৰ্তমানৰ প্ৰেক্ষাপটত জাতীয়সংগঠনৰ কৰণীয় আৰু দ্বায়িত্বৰ ক্ষেত্ৰত আলোকপাত কৰি অনাগত দিনবোৰত ৰাইজৰ হকে টীয়কৰ বিভিন্ন সমস্যাৰ হকে মাত মাতি যাব বুলি আশা প্ৰকাশ কৰে।

You May Also Like

More From Author