পুৰীৰ জগন্নাথ মন্দিৰলৈ তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ নলবাৰী জিলাৰ টিহুৰ এগৰাকী লোক সন্ধানহীন হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চল টোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ১৯ জানুৱাৰীত টিহুৰ ভিন্ন প্ৰান্তৰ পৰা ২৯জনীয়া দল এটাই পুৰীৰ জগন্নাথ মন্দিৰলৈ তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল। এই দলটোতে টিহুৰ নিজ খানাৰ ঘনশ্যাম পাঠক (৭৮) আৰু তেওঁৰ পত্নী সৰস্বতী পাঠকো আছিল।
তীৰ্থ ভ্ৰমণ কৰি উভতি অহাৰ সময়ত যোৱা ২৭ জানুৱাৰীত মালদহ ষ্টেচনত কিবা কাৰণত ঘনশ্যাম পাঠকে নামি যোৱাৰ পিছতে ৰে’লখন চলিবলৈ ধৰে। লগে লগে পত্নী সৰস্বতী পাঠকে হুৱাদুৱা লগাই যদিও কাৰোৰে পৰা কোনো সঁহাৰি নাপালে। ২৮ জানুৱাৰীত দলটোৱে আহি নিজ নিজ ঘৰ পোৱাৰ পিছত ঘনশ্যাম পাঠকৰ পত্নী সৰস্বতী পাঠকে ঘৰত সকলো ঘটনা বিৱৰি কোৱাত পৰিয়ালৰ লোকে টিহু আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰু এটি চাৰিজনীয়া দলে মালদহলৈ গৈ বিচাৰ খোচাৰ কৰে যদিও আজিলৈকে ঘনশ্যাম পাঠকৰ কোনো শুংসূত্ৰ পোৱা নাই।