জীৱন ৰঙীন হ’ব যদিহে আপোনাৰ স্বাস্থ্য সুস্থ হৈ থাকে৷ সুস্বাস্থ্য বজাই ৰাখিবলৈ মানুহে ফলাহাৰ গ্ৰহণ কৰে৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে ফলৰ বিভিন্ন বৰণত থাকে স্বাস্থ্যৰ বিভিন্ন উপকাৰ৷ সেউজীয়া ফল বা পাচলি বুলি ক’লে মনলৈ আহে কেপচিকাম, ব্ৰুকলি, তৰমুজ আৰু বাৰীৰ বিভিন্ন শাক৷ সেউজীয়া শাক-পাচলিত থাকে প্ৰচুৰ পৰিমাণে লুটেইন গিক্সাথিন এণ্টিঅক্সিডেণ্ট৷ দৃষ্টিশক্তিৰ বাবে সেউজীয়া পাচলিত থকা এণ্টিঅক্সিডেণ্ট খুবেই উপকাৰী৷ ৰঙা বৰণৰ ফল বা পাচলি বুলি ক’লে মনলৈ আহে বিলাহী, তৰমুজ, শুকান জলকীয়া আদি৷ এনেবোৰ ফল বা পাচলিত লাইকোপেন এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে৷ এনে এণ্টিঅক্সিডেণ্টে কৰ্কট ৰোগৰ সৈতে যুঁজিবলৈ শক্তি যোগায়৷ কমলা ৰঙৰ ফল বা পাচলি বুলিলে মনলৈ আহে গাজৰ, কমলা টেঙা, নেমু, আনাৰস, অমিতা আদি৷ এনেবোৰ ফলে শৰীৰত এণ্টিঅক্সিডেণ্ট আৰু বিটাকেৰোটিনৰ পৰিমাণ বৃদ্ধি কৰে৷ তদুপৰি কমলা ৰঙৰ ফলে শৰীৰত ভিটামিন ‘এ’ৰ ঘাটি পূৰণ কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ বেগুণীয়া বৰণৰ ফল বা পাচলি বুলি ক’লেই বেঙেনা, ক’লা আঙুৰ, চেৰী, নীলবেৰী, গুজবেৰী, ষ্ট্ৰবেৰী আদিৰ কথা আহে৷ বেগুণীয়া বৰণৰ ফলত থাকে এন্থোকায়ানিৰ৷ এনেবোৰ ফলে কৰ্কটৰ বিৰুদ্ধে যুঁজিবলৈ ‘ভাস্কুলাৰ ছিষ্টেম’ক সবল কৰি ৰাখে৷ সেইদৰে বগা বৰণৰ পাচলি বুলিলে পিয়াঁজ, নহৰু, মূলা, কাঠফুলা আদিৰ কথা কোৱা হয়৷ এনেবোৰ পাচলিত ছাইটোকেমিকেল থাকে৷ ছাইটোকেমিকেলে হাড় মজবুত কৰাৰ লগতে কৰ্কটপ্ৰতিৰোধত সহায় কৰে৷
কি ৰঙৰ ফল-পাচলি খালে কি কি উপকাৰ
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025