কাক কৰিব বিশ্বাস ? জীৱন দায়িনী ঔষধৰো ভেজাল ! ১৮ টা কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল

0 min read

নিম্নমাদণ্ডৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে কেন্দ্ৰ আৰু ৰাজ্য ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাই যুটীয়া অভিযান চলাই কেইবাটাও ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা কাৰ্যই দেশজুৰি তীব্ৰ আলোড়ৰণ সৃষ্টি কৰিছে। জীৱন দায়িনী ঔষধক লৈ খেলা কৰা এই প্ৰতিষ্ঠানসমূহৰ তালিকাত আছে বহু কেইটা আগশাৰীৰ ঔষধ প্ৰস্তুতকাৰী কোম্পানী।

মঙ্গলবাৰে দেশৰ মুঠ ১৮ টা ঔষধ প্ৰস্তুত কৰা প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে তেওঁলোকৰ প্ৰতিষ্ঠান ছীল কৰিছে। ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাই চলোৱা এই অভিযানত জীৱন দায়িনী ঔষধ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ভেজালকৰণ কৰাৰ লগতে বিভিন্ন অনিয়ম সংঘটিত কৰিছিল।

উল্লেখ্য যে পূৰ্বৰে পৰা ঔষধ প্ৰস্তুতকাৰী একাংশ প্ৰতিষ্ঠানৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপন হৈ আছিল। তাৰ মাজতে চলা এই অভিযানত মুঠ ৭৬ টা ঔষধ প্ৰস্ততকাৰী প্ৰতিষ্ঠানত অভিযান চলোৱা হয়।

এই অভিযানৰ সময়ত ১৮ টাকৈ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানে ভেজাল ঔষধ উৎপাদন কৰাটো প্ৰমাণিত হয়। যাৰ বাবে অভিযানকাৰী দলে ততাতৈয়াকৈ এই ১৮ টা ঔষধ প্ৰস্তুত কৰা প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰে।

উল্লেখ্য যে, বিগত ১৫ দিনত দেশৰ ২০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই অভিযান চলিছিল। নকল আৰু ভেজাল ঔষধ প্ৰস্তুত আৰু জি এম পি (ভাল উৎপাদন পদ্ধতি) উলংঘা কৰাৰ বাবে ১৮ টা ফাৰ্মা কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে। ইয়াৰ উপৰিও, ২৬ টা এনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে।

You May Also Like

More From Author