নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত স্বামী–স্ত্ৰী! কথমপি প্ৰাণ ৰক্ষা কণমানি সন্তানৰ

1 min read

এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নলবাৰীৰ মুগকুছিত।

মাজনিশা সংঘটিত হয় এই ভয়াবহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হৈছে এহাল পতি- পত্নী। নলবাৰীৰ পৰা নিজ ঘৰ বগলচৰোডলৈ অহাৰ পথত AS 01EZ 4055 নম্বৰৰ ব্যক্তিগত বাহনখনৰে পতি-পত্নী গৈ থকা সময়ত তীব্ৰ জোৰেৰে এডাল গছত খুন্দা মাৰে।

যাৰ ফলত থিতাতে নিহত হয় পতি-পত্নী৷ অৱশ্যে কোনোমতে প্ৰাণ ৰক্ষা পৰে তেওঁলোকৰ দেৱশিশুটিৰ। শিশুটোক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
নিশা প্রায় এক বজাত সংঘটিত হোৱা দুৰ্ঘটনাত নিহত স্বামীৰ নাম সঞ্জয় শৰ্মা আৰু পত্নীৰ নাম মানসী শৰ্মা বুলি জানিব পৰা গৈছে৷

আনহাতে আহত দেৱশিশুটোৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা জনাইছে স্থানীয় ৰাইজে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।

You May Also Like

More From Author