শাৰীৰিক,মানসিক আৰু আৰ্থিক সকলো ধৰণৰ কষ্ট দূৰ কৰিবলৈ কৰক এই উপায়!

1 min read

শনিদেৱক প্ৰসন্ন কৰাৰ-৫টা সহজ উপায়। শাৰীৰিক,মানসিক আৰু আৰ্থিক-সকলো ধৰণৰ কষ্ট দূৰ হব।

*শনিদেৱৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ আৰু তেওঁৰ কৃপা পাবলৈ-শনিবাৰৰ দিনটো শ্ৰেষ্ঠ মনা হয়।শনিবাৰৰ দিনা-কৰা উপায়ৰ দ্বাৰা-শনিৰ দোষক শান্ত কৰিব পৰা যায়।

*শনিদেৱৰ নাম আহিলেই-মনলৈ হাজাৰ প্ৰশ্ন আহে। কিন্তু শনিদেৱক ন্যায়ৰ দেৱতা কোৱা হয়।শনিদেৱে-মনুষ্যক শুভ-অশুভ কৰ্মৰ ফল প্ৰদান কৰে।বেয়া কৰ্ম কৰাজনে শনিদেৱৰ ক্ৰোধৰ সন্মুখীন কৰিবলগীয়া হয়।আৰু পৰোপকাৰী লোকৰ ওপৰত শনিদেৱৰ কৃপা থাকে।অজানিতে-লোকসকলৰ দ্বাৰা বহু ভুল হয়।এই সময়ত শনিদেৱক প্ৰসন্ন কৰিবলৈ-কিছুমান উপায় আছে।যিবোৰ কৰিলে-মানসিক, শাৰীৰিক আৰু আৰ্থিক সকলো ধৰণৰ-কষ্ট দূৰ হয়।শনিদেৱৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ আৰু শনিদেৱৰ কৃপা লাভ কৰিবলৈ-শনিবাৰৰ দিনটো শ্ৰেষ্ঠ মনা হৈছে।শনিবাৰৰ দিনা-কৰা উপায়ৰ দ্বাৰা-শনিৰ দোষক শান্ত কৰিব পৰা যায়।

*শনিদেৱক প্ৰসন্ন কৰাৰ-৫টা সহজ-উপায় হৈছে-

১/সূৰ্য্যাস্তৰ পাছত-এনে আঁহত গছৰ তলত চাকি জ্বলাব লাগে যি-হুলস্থুল নোহোৱা ঠাইত আছে বা মন্দিৰত আছে।এই উপায়ৰ দ্বাৰা ধন সম্বন্ধিত সমস্যা দূৰ হব।

২/শনিদেৱক তেল অৰ্পণ কৰিব লাগে আৰু পূজন কৰিব লাগে।শনিদেৱক নীলা পুষ্প অৰ্পণ কৰিব লাগে আৰু শনিদেৱক পূজা কৰাৰ সময়ত শনিদেৱৰ মূতিক চিধা দৰ্শন কৰিব নালাগে।

৩/আঁহত গছৰ পূজা কৰিব লাগে।পানী অৰ্পণ কৰিব লাগে।আৰু ৭বাৰ পৰিক্ৰমা কৰিব লাগে।কোনো অসহায় লোকক ভোজন কৰাব লাগে।এনে-কৰিলে শনিদেৱ প্ৰসন্ন হয় আৰু দৰিদ্ৰতা দূৰ হয়।

৪/প্ৰতি শনিবাৰে-স্নান আদি কৰি-পুৱাতে-তেল দান কৰিব লাগে।ইয়াৰ বাবে-এটা বাটিত তেল লৈ-নিজৰ মুখ’খন চাব লাগে।তাৰপাছত সেই তেল-অসহায় লোকক দান কৰিব লাগে।

৫/শনিবাৰে-বীৰ হনুমানক সেন্দূৰ আৰু চমেলী তেল অৰ্পণ কৰিব লাগে।হনুমান চালীশা পাঠ কৰিব লাগে।হনুমান বাবাৰ পূজা কৰাজনৰ ওপৰত-শনিয়ে প্ৰতাৰিত নকৰে।

You May Also Like

More From Author