অমৃত কালত অমৃত টাঙোন। ১এপ্ৰিলৰ পৰা খালী হ’ব আপোনাৰ পকেট। বাহন উলিওৱাৰ পূৰ্বে দহবাৰ ভাবক

1 min read

টোলগে’ত অধিক ধন ভৰিবলৈ সাজু হওক। ৰাজ্যৰ ৭খন টোলগে’টত টোল টেক্স বৃদ্ধি পাব ১ এপ্ৰিলৰ পৰা (Toll tax to increase)। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই সন্দৰ্ভত জাৰি কৰিছে জাননী। জাননী অনুসৰি, এতিয়াৰে পৰা যান–বাহনৰ পাৰ হোৱাৰ বিনিময়ত ৫ৰ পৰা ১০ শতাংশ অধিক মাচুল পৰিশোধ কৰিব লাগিব।

জাননী অনুসৰি, ব্যক্তিগত চাৰিচকীয়া বাহন এবাৰ টোলগে’ট পাৰ হ’লে সৰ্বাধিক ১৩৫ টকা ভৰিব লাগিব। ২৪ ঘণ্টাৰ ভিতৰত ঘূৰি আহিলে পৰিশোধ কৰিব লাগিব ২০০ টকা। সোণাপুৰৰ নাজিৰাখাটৰ টোলগে’টখন ৰাজ্যৰ আটাইতকৈ ব্যয়বহুল টোল প্লাজা হিচাপে চিহ্নিত হৈছে।

কামৰূপৰ মদনপুৰত থকা টোলগে’টত এবাৰ যাতায়াত কৰা কাৰ, জীপ, ভেন বা লঘু– যান–বাহনে ১ এপ্ৰিলৰ পৰা আদায় দিব লাগিব ১৩০ টকা। ২৪ ঘণ্টাৰ ভিতৰত ওভতনি যাত্ৰাৰ বাবে এইধৰণৰ বাহনৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা হৈছে ১৯৫ টকা। তদুপৰি একেখন টোল প্লাজাৰে কাৰ, জীপ, ভেন অথবা লঘু যান–বাহন এটা মাহত ৫০টা দৈনিক এবাৰৰ ভ্ৰমণৰ বাবে ৪,৩৩০ টকা আদায় দিব লাগিব। অৱশ্যে কামৰূপ জিলাত পঞ্জীয়নভুক্ত বাণিজ্যিক যান–বাহনসমূহৰ ক্ষেত্ৰত এটা ভ্ৰমণত নতুন মাচুল ৬৫ টকা ধাৰ্য কৰা হৈছে। নতুন নিৰিখ মতে, লঘু বাণিজ্যিক–সামগ্ৰী পৰিবাহী–মিনিবাছসমূহে এটা ভ্ৰমণত ২১০ টকা, ২৪ ঘণ্টাৰ ভিতৰত ওভতনি যাত্ৰাত ৩১৫ টকা, মাহিলী ৫০টা এবাৰৰ যাত্ৰাত ৬,৯৯৫ টকা আৰু কামৰূপত পঞ্জীয়নভুক্ত বাণিজ্যিক বাহনসমূহে এবাৰৰ যাত্ৰাত আদায় দিব লাগিব ১০৫ টকা।

টু এক্সেলছ বাছৰ ক্ষেত্ৰত এই নিৰিখ হৈছে ক্ৰমে ৪৪০ টকা, ৬৬০ টকা, ১৪,৬৫৫ টকা আৰু ২২০ টকা। থ্ৰী এক্সেলছ বাণিজ্যিক বাহনে টোলগে’টত ভৰিব লাগিব ক্ৰমে ৬৯০ টকা, ১০৩৫ টকা, ২২,৯৮৫ টকা আৰু ৩৪৫ টকা। তা বা ততোধিক এক্সেলছ বাহনৰ ক্ষেত্ৰত টোল টেক্সৰ পৰিমাণ হ’ব ক্ৰমে ৮৪০ টকা, ১২৬০ টকা, ২৭,৯৮০ টকা আৰু ৪২০ টকা। মদনপুৰ টোলগে’টৰ ২০ কিলোমিটাৰ ব্যাসাৰ্ধৰ বাহনৰ গৰাকীয়ে মাহেকীয়া অনুমতি পত্ৰৰ বাবে ৩৩০ টকা আদায় দিব লাগিব।

বৰ্তমান মদনপুৰ টোল’গেটত কাৰ, জীপ, ভেনকে ধৰি লঘু যান–বাহনৰ বাবে এবাৰত নিৰ্ধাৰিত কৰ হৈছে ১২৫ টকা। ইয়াৰ বিপৰীতে লঘু বাণিজ্যিক–সামগ্ৰী পৰিবাহী বাহনে ২০০ টকা আৰু টু এক্সেলছ বাছ–ট্ৰাকে ৪২০ টকা।

ইফালে, নাজিৰাখাট টোল প্লাজাতো বৃদ্ধি কৰা হৈছে টেক্স। বৰ্তমান এই টোল প্লাজাত ভেন–জীপকে ধৰি লঘু যান–বাহনৰ ক্ষেত্ৰত কৰ সংগ্ৰহ কৰা হয় ১৩০ টকা। সামগ্ৰী পৰিবাহী লঘু বাহন, মিনি বাছ আদিৰ ক্ষেত্ৰত একোটা ভ্ৰমণত সংগ্ৰহ কৰা হয় ২০৫ টকা। ইফালে, এটা ভ্ৰমণত টু এক্সেলছ বাছ আৰু ট্ৰাকে আদায় দিব লাগে ৪৩০ টকা। কামৰূপ মহানগৰ জিলাত পঞ্জীয়নভুক্ত বাণিজ্যিক লঘু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত টোল কৰ এটা ভ্ৰমণত ৬৫ টকা। লঘু বাণিজ্যিক বাহন আৰু মিনি বাছৰ ক্ষেত্ৰত এই কৰৰ পৰিমাণ হৈছে ১০৫ টকা। বৰ্ধিত নিৰিখ অনুসৰি, এটা ভ্ৰমণত ১ এপ্ৰিলৰ পৰা কাৰ–জীপ–ভেন, লঘু যান–বাহনসমূহে ১৩৫ টকা, ২৪ ঘণ্টাৰ ভিতৰত ওভতনি যাত্ৰাত ২০০ টকা, ৫০টা এবাৰৰ ভ্ৰমণ মাহিলি ৪,৪৭৫ টকা আৰু কামৰূপ মহানগৰ জিলাত পঞ্জীয়নভুক্ত বাণিজ্যিক বাহনে দিব লাগিব ৬৫ টকা। একেদৰে, লঘু বাণিজ্যিক বাহন, সামগ্ৰী পৰিবাহী–মিনি বাছৰ ক্ষেত্ৰত এই কৰৰ পৰিমাণ হ’ব ক্ৰমে ২১৫ টকা, ৩২৫ টকা, ৭,২৩০ টকা আৰু ১১০ টকা। টু এক্সেলছ বাছ বা ট্ৰাকে আদায় দিব লাগিব ক্ৰমে ৪৫৫ টকা, ৬৮০ টকা, ১৫,১৪৫ টকা আৰু ২২৫ টকা। থ্ৰী অক্সেলছ বাণিজ্যিক বাহনৰ ক্ষেত্ৰত আৰোপ কৰা কৰৰ পৰিমাণ হৈছে ক্ৰমে ৪৯৫ টকা, ৭৪৫ টকা, ১৬,৫২০ টকা আৰু ২৫০ টকা। ফ’ৰৰ পৰা ছিক্স এক্সেলছ বাহনৰ ক্ষেত্ৰত কৰৰ পৰিমাণ হ’ব ৭১০ টকা, ১,০৭০, ২৩,৭৫০ টকা আৰু ৩৫৫ টকা। সেইদৰে সাতৰ পৰা ততোধিক এক্সেলছৰ বাহনসমূহে ক্ৰমে ৯৬৫ টকা, ১৩০০ টকা, ২৮,৯১০ টকা আৰু ৪৩৫ টকা আদায় দিব লাগিব।

সেইদৰে ৰহা টোলগে’ট, মান্দেৰডিছা টোলগে’ট, মিকিৰআটি হগাঁও টোল প্লাজা, বালাচেৰা টোল প্লাজা আৰু গলিয়া টোল প্লাজাতো বৃদ্ধি কৰা হৈছে টোল কৰ। পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ।

You May Also Like

More From Author