অসমলৈ আহি আছে অৰবিন্দ কেজৰিৱাল।

1 min read

লক্ষ্য লোকসভা আৰু পঞ্চায়ত নিৰ্বাচন। সেই উদ্দেশ্যৰে অসমত ৰণডংকা বজাবলৈ অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ প্ৰতিষ্ঠাপক অৰবিন্দ কেজৰিৱাল। ২ এপ্ৰিলত অসমলৈ আহি কেজৰিৱালে অসমৰ ভোটাৰক আকৰ্ষিত কৰাৰ লক্ষ্যৰে ৰাখিব ভাষণ। একপ্ৰকাৰ নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টিৰে ৰণডংকা বজাবলৈ আগমন ঘটিব অৰবিন্দ কেজৰিৱালৰ

গুৱাহাটী মহানগৰীৰ সোণাৰাম খেলপথাৰত হ’বলগীয়া জনসভাৰ বাবে ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে আপৰ নেতৃত্বই। দিনৰ ১২ বজাৰ পৰা হ’বলগীয়া এই সভাত খেলপথাৰত আপৰ সমৰ্থকৰে ভৰি পৰিব বুলি আশা প্ৰকাশ কৰিছে আপৰ নেতৃত্বই।

You May Also Like

More From Author