আজি নৱৰাত্ৰিৰ ষষ্ঠ দিন, মা দুৰ্গাৰ ষষ্ঠ স্বৰূপ “কাত্যায়নী”ৰ পূজা-আৰাধনা

1 min read

নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক উৎসৱ, প্ৰধানতঃ শক্তি উপাসনাৰ লগত জড়িত। নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰে জনা যায়। বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা ভাগক শাৰদীয় পূজা নামেৰে জনা যায়। নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ বিৰ্সজন হয়, ৯ দিনত ভগৱতী দুৰ্গা দেৱীৰ ৯টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয়। নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিভিন্ন পূজা বিধি মাৰ্কণ্ডেয় পূৰাণ, ব্ৰহ্মবৈৱৰ্ত পূৰাণ, দেৱী ভাগৱত, কালিকা পুৰাণ আদি প্ৰাচীন পুথিত পোৱা যায়।

মা দুৰ্গাদেৱীৰ ষষ্ঠ স্বৰূপৰ নাম হ’ল “কাত্যায়নী”। এখেতৰ নাম ‘কাত্যায়নী’ হোৱাৰ আখ্যানটো হ’ল এনে ধৰণৰ— ‘কত’ নামৰ এজন প্ৰসিদ্ধ মহৰ্ষি আছিল। তেওঁৰ পুত্ৰ হ’ল, ঋষি কাত্য। এই কাত্য গোত্ৰত বিশ্বপ্ৰসিদ্ধ মহৰ্ষি কাত্যায়ন উৎপন্ন হৈছিল। ভগৱতৰ উপাসনাত বহুবছৰ ব্যাপী তেওঁ বৰ কঠিন তপস্যা কৰিছিল।

“আই ভগৱতী তেওঁৰ কোলাত পুত্ৰীৰূপে জন্ম লওক”— তেওঁৰ মনোকামনা এয়ে আছিল। আই ভগৱতীয়ে তেওঁৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছিল। কিছুকালৰ পাছত পৃথিৱীত দানৱ মহিষাসুৰৰ অত্যাচাৰ বৰকৈ বাঢ়ি যোৱাত, ভগৱান বিষ্ণু, ব্ৰহ্মা আৰু মহেশ্বৰ— এই তিনিওগৰাকীয়ে নিজ-নিজ তেজৰ অংশ প্ৰদান কৰি মহিষাসুৰ বিনাশ হেতু এগৰাকী দেৱীক উৎপন্ন কৰিলে। মহৰ্ষি কাত্যায়নে সৰ্বপ্ৰথমে এই দেৱীৰ পূজা-অৰ্চনা কৰিছিল। তাৰবাবে এখেতে ‘কাত্যায়নী’ আখ্যা পালে।

মহৰ্ষি কাত্যায়নৰ তাত পুত্ৰীৰূপেও এখেত উপজিল বুলি আখ্যানো আছে। আহিন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত জন্ম গ্ৰহণ কৰি, শুক্লপক্ষৰ সপ্তমী, অষ্টমী আৰু নৱমী লৈ তিনিদিন তেখেতে কাত্যায়ন ঋষিৰ পূজা গ্ৰহণ কৰি দশমী তিথিৰ দিনা মহিষাসুৰক বধ কৰিছিল। দুৰ্গাপূজাৰ ষষ্ঠ দিনাখন এখেতৰ স্বৰূপৰ উপাসনা কৰা হয়।

You May Also Like

More From Author